Tuesday, October 4, 2022
HomeNewsঅসম ক্ৰীড়াক্ষেত্ৰৰ আনছাং হিৰ' তেওঁ, যাৰ আঙুলিত ধৰি ওলাই আহিছিল ভলীবলৰ প্ৰাক্তন...

অসম ক্ৰীড়াক্ষেত্ৰৰ আনছাং হিৰ’ তেওঁ, যাৰ আঙুলিত ধৰি ওলাই আহিছিল ভলীবলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধিনায়ক

তেজপুৰ চহৰলৈ মানুহজন তেতিয়া আহিছিল এন আই এছ’ৰ প্ৰশিক্ষক হিচাবে। সেয়া ১৯৮৭ চনৰ কথা। এক আলোকসন্ধানী মনৰ মানুহগৰাকীৰ প্ৰতিটো কথাৰ প্রতিয়েই আছিল এক সুকীয়া দৃষ্টিকোণ। চহৰখনলৈ নতুনকৈ আহিয়েই নতুন ক্ৰীড়া প্ৰতিভাৰ সন্ধানত তেওঁ চকু-কাণ প্রতিমুহূৰ্তত মুকুলি কৰি ৰাখিছিল। ভলীবলৰ বাবে উপযুক্ত খেলুৱৈ বিচাৰি তেওঁ চহৰ চলাথ কৰিব লগা হোৱা নাছিল। কিয়নো খেলুৱৈ আৱিস্কাৰৰ এক নতুন কৌশল তেওঁ নিজেই আবিষ্কাৰ কৰি লৈছিল। তেওঁ তেজপুৰৰ জোতাৰ বিপনীবোৰত দহ নম্বৰৰ জোতা পিন্ধা মানুহৰ সন্ধানত নামি পৰিছিল। কিয়নো ৯ অথবা ১০ নম্বৰৰ জোতা পিন্ধা ব্যক্তিৰ উচ্চতা নিশ্চয় আনতকৈ বেছি হ’ব। লোক এজনৰ উচ্চতা যিমানেই বেছি হ’ব , সিমানেই তেওঁ ভলীবলৰ বাবে উপযুক্ত হ’ব। তেনেদৰেই তেওঁ তেজপুৰত এদিন সন্ধান উলিয়াইছিল এসময়ৰ ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ। জোতাৰ জোখ চাই ভলীবল খেলুৱৈৰ সন্ধান কৰা সেই ব্যতিক্ৰমী চিন্তাধাৰাৰ মানুহজনেই হৈছে প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতী।

২০১৯ বৰ্ষৰ ডিচেম্বৰত মুম্বাইস্থিত সংস্থা ৰেড কাৰ্পেটে দিব্যজ্যোতি ভাগৱতীলৈ আগবঢ়াই ‘ নৰ্থ ইষ্ট আনছাং হিৰ’জ ৰেড কাৰ্পেট ছ’চিয়েল এৱাৰ্ড’ৰ সন্মান। সঁচাই যেন দিব্যজ্যোতি ভাগৱতী অসমৰ ক্ৰীড়াক্ষেত্ৰৰ এগৰাকী আনছাং হিৰো। তেওঁৰ জীৱনকালত বহুকেইজন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক জন্ম দিছে এইগৰাকী প্ৰশিক্ষকে। মুম্বাইৰ কোনোবা প্ৰতিষ্ঠানে দিব্যজ্যোতি ভাগৱতীৰ অৱদানক স্বীকৃতি প্ৰদান কৰিছে যদিও অসমতে আমি বহুতে নাজানো এইগৰাকী প্ৰশিক্ষকৰ কথা।

ৰেড কাৰ্পেটে দিব্যজ্যোতি ভাগৱতীলৈ আগবঢ়াই ‘ নৰ্থ ইষ্ট আনছাং হিৰ’জ ৰেড কাৰ্পেট ছ’চিয়েল এৱাৰ্ড’ৰ সন্মান

২০২০ ৰ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত তৃতীয় সংখ্যক খেল’ ইণ্ডিয়াত এগৰাকী খেলুৱৈয়ে ভলীবল আৰু সাঁতোৰ দুয়োটা ক্ৰীড়াতে অংশগ্ৰহণ কৰি যথেষ্ট চৰ্চালৈ আহিছিল। মৃত্যুঞ্জয় মহন্ত নামৰ তেজপুৰৰ কিশোৰগৰাকীৰ ক্ৰীড়া প্ৰতিভাও এই গৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ দৃষ্টিতেই ধৰা পৰিছিল।

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আনছাং হিৰ’ এইজন দিব্যজ্যোতি ভাগৱতীৰ জন্ম হৈছিল ১৯৬১ চনত নগাঁৱত। তামিলনাডুৰ এটা প্ৰখ্যাত প্ৰতিষ্ঠানৰ পৰা শাৰীৰিক শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি পিছলৈ অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ৰূপত জড়িত হৈ পৰে।বৰ্তমান তেওঁ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত শাৰীৰিক নিৰ্দেশক হিচাবে কৰ্মৰত। এইজন সুদক্ষ প্ৰশিক্ষকক অলিম্পিয়াৰ তৰফৰ পৰা জনালোঁ আন্তৰিক অভিনন্দন ও শুভেচ্ছা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments