অলিম্পিয়া বিশেষ প্ৰতিবেদন
এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৰ্ধ শতক কৰিলেই দেশ সন্মুখীন হয় পৰাজয়ৰ। অন্ততঃ পৰিসংখ্যাই তাকেই কয়। কোন নো এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ জানো আহক।
নিউজিলেণ্ডৰ বিপক্ষে ভাৰতৰ এইখন মেচত তেওঁ সাত নম্বৰত বেটিং কৰিবলৈ আহিছিল। মেচ খনত এক দুৰ্দান্ত অৰ্ধ শতক অৰ্জন কৰিছিল তেওঁ। ইয়াৰ আগতে এই বেটিং ক্ৰমত অৰ্ধ শতক অৰ্জন কৰিছিল কপিল দেৱ আৰু মহেন্দ্র সিং ধোনিয়ে। যাদেজাই এই মেচ খনত ৭৩ টা বলত সংগ্ৰহ কৰিছিল ৫৫ ৰান। ইনিংছটোত আছিল দুটা বাউণ্ডেৰী আৰু এটা ছয়। এইটো তেওঁৰ কেৰিয়াৰৰ সপ্তমটো অৰ্ধ শতক আছিল। অৰ্ধ শতক কৰিলেও দুৰ্ভাগ্যজনকভাৱে মেচ খনত ভাৰত পৰাস্ত হয়।
খেলুৱৈগৰাকীৰো ট্ৰেজেদী সেইখিনিতেই। তেওঁ কৰা ১২ টা অৰ্ধ শতকীয় ইনিংছত ভাৰত পৰাজয়ৰ সন্মুখীন হৈছে ১১ বাৰকৈ। অৰ্থাৎ কেৱল এবাৰহে তেওঁৰ অৰ্ধ শতকৰ সহায়ত দলটোৱে জয়লাভ কৰিছে। ক্ৰিকেটাৰজন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ যাদেজা।
২০১৯ চনৰ বিশ্বকাপৰ চেমি ফাইনেলতো তেওঁ নিউজিলেণ্ডৰ বিপক্ষে এটা সুন্দৰ অৰ্ধ শতকীয় ইনিংছ উপহাৰ দিছিল। অনুৰাগীৰ দ্বাৰা প্ৰশংসিত হৈছিল উক্ত ইনিংছটোৰ বাবে। কিন্তু মুৰকত সেই খেলতো ভাৰত পৰাস্ত হৈছিল ১৮ ৰানত।
তেওঁ অৰ্ধ শতক অর্জন কৰাৰ ভিতৰত কেৱল এখন মেচত ভাৰতে জয় লাভ কৰিছিল। ২০১৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এই ইনিংছটোৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তেওঁ। কোচিত অনুষ্ঠিত উক্ত মেছখনত ভাৰতে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰিছিল ২৮৫ ৰান। যাদেজাই ৩৭ টা বলত বিস্ফোৰক ৬১ ৰান কৰিছিল। ভাৰতৰ হৈ সেইখন মেচত মহেন্দ্ৰ সিং ধোনি আৰু সুৰেশ ৰাইনায়ো উল্লেখনীয় দুটা ইনিংছ খেলিছিল। ২৮৬ ৰানৰ লক্ষ্য আগত লৈ ইংলেণ্ডৰ দলটো ১৫৮ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। এনেদৰেই ভাৰতে মেচ খনত ১২৭ ৰানৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।
এনে আশ্চৰ্যকৰ দুৰ্ভাগ্যৰ গৰাকী এইগৰাকী অলৰাউণ্ডাৰে এই পৰ্য্যন্ত ভাৰতৰ হৈ ৪৮ খন টেষ্ট, ১৬৫ এদিনীয়া আৰু ৪৯ খন টি টুৱেন্টিত ভাগ লৈছে। টেষ্টত ১৮৪৪ ৰান সংগ্রহ কৰাৰ লগতে ২১১ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে তেওঁ। তাৰ বিপৰীতে এদিনীয়াত ২২৯৬ ৰানৰ লগতে উইকেট দখল কৰিছে ১৮৭ টা। সেইদৰে টি টুৱেন্টিত ১৭৩ ৰান আৰু ২৫ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে।