Friday, September 30, 2022
HomeNewsইউ এছ অপেনৰ খবৰ

ইউ এছ অপেনৰ খবৰ

অলিম্পিয়াৰ প্ৰতিবেদন

বিশ্বৰ ১ নং স্থানৰ চাৰ্বিয়ান তাৰকা টেনিছ খেলুৱৈ নভাক জকভিছ ইউ এছ অপেনৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। জকভিছে Bosnia Hergegovina ক, ৬-১, ৬-৪ আৰু ৬-১ ৰ পোনপটীয়া চেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। জকভিছৰ এয়া আছিল চলিত বৰ্ষত জয় কৰা ২৪সংখ্যক মেচ।

মনকৰিবলগীয়া যে এইবাৰ ইউ এছ অপেনত ৰাফেল নাডাল, ৰজাৰ ফেডেৰাৰ আদি শীৰ্ষ স্থানীয় খেলুৱৈ অংশগ্ৰহণ নকৰাৰ ফলত জকভিছৰ বাবে খিতাপ দখলৰ সুযোগ বৃদ্ধি পাইছে। তেওঁ এই খিতাপ দখল কৰিলে তেওঁ সৰ্বমুঠ ১৮ টা গ্ৰেণ্ড শ্লাম দখল কৰাৰ গৌৰৱ অৰ্জন কৰিব পাৰিব।

ইফালে ১৬ বছৰীয়া পূৰ্বৰ জুনিয়ৰ ১ নং স্থানৰ খেলুৱৈ Coco Gough প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।তেওঁ Ensatasia Sevasatova ৰ হাতত ৬-৩, ৫-৭ আৰু ৬-৪ ৰ চেটত পৰাস্ত হয়। Ensatasia ৰ চলিত বৰ্ষত আছিল এয়া আছিল প্ৰথমটো জয়। আনহাতে ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে গ্ৰেণ্ড শ্লামৰ প্ৰথমটো ৰাউণ্ডতে পোন প্ৰথমবাৰৰ বাবে বাহিৰ হ’বলগীয়া হ”ল Coco Gough । তেওঁ যোৱাবছৰ উইম্বলডনত চতুৰ্থ ৰাউণ্ডত উপনীত হৈছিল। আনহাতে তেওঁ উইম্বলডনত চতুৰ্থ স্থানলৈ উন্নীত হোৱা আটাইতকৈ কনিষ্ঠ খেলুৱৈ আছিল। সেইবছৰেই আকৌ Gough য়ে ইউ এছ অপেনৰো তৃতীয় স্থানলৈ উন্নীত হ’বলৈ সক্ষম হৈছিল। চলিত বৰ্ষৰ প্ৰথমাৱস্থাত তেওঁ অষ্ট্ৰেলিয়ান অপেনত চতুৰ্থ স্থানলৈ উন্নীত হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments