কৰোনাৰ বাবে অলিম্পিকৰ পৰা বাদ পৰিল প’লভল্টৰ দুবাৰৰ বিশ্ব চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন

টকিঅ’ত পূৰ্ণোদ্যমে চলি আছে ক্ৰীড়াৰ মহাৰণ। অৱশ্যে বিশ্বৰ হাজাৰোধিক এথলিটৰ অংশগ্ৰহণৰে অলিম্পিক অনুষ্ঠিত হৈ আছে যদিও তাৰমাজতে আহিছে ক’ভিড-১৯ আক্ৰান্তৰ খবৰো। এতিয়ালৈ অলিম্পিকৰ লগত জড়িত ১৯৮ গৰাকী খেলুৱৈ তথা কৰ্মকতা কোভিড-১৯ ত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ আৰু চাৰিজন কোভিডত আক্ৰান্ত হৈছে, ইয়াৰে দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৃহস্পতিবাৰৰ দিনটোত ইউ এছ এৰ পদকপ্ৰত্যাশী এথলিট চেম কেন্দ্ৰিকছো কোভিডত আক্ৰান্ত হয়। কেন্দ্ৰিকছ এইবাৰ স্বৰ্ণ জয়ৰ প্ৰবল দাবীদাৰ আছিল। প’লভল্টত দুবাৰকৈ বিশ্ব চেম্পিয়ন আছিল কেন্দ্ৰিকছ। ২০১৭ আৰু ২০১৯ চনত কেন্দ্ৰিকছে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৬ত ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ জয় কৰিছিল ইউ এছ এৰ এইগৰাকী ২৮ বছৰীয়া এথলিটে। কেন্দ্ৰিকছৰ ক’ভিড আক্ৰান্তৰ খবৰ নিশ্চিত কৰিছে যুক্তৰাষ্ট্ৰৰ অলিম্পিক ও পেৰালিম্পিক কমিটিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *