Tuesday, October 4, 2022
HomeNewsনিজস্ব ষ্টাইলেৰে সামাজিক দূৰত্বৰ কথা ক'লে ব'ল্টে

নিজস্ব ষ্টাইলেৰে সামাজিক দূৰত্বৰ কথা ক’লে ব’ল্টে

olympiasports.in

কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ পৃথিৱী এতিয়া স্তব্ধ। লকডাউনৰ কবলত আছে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰকে ধৰি তৃতীয় বিশ্বৰ দেশসমূহো। এতিয়ালৈকে এই ভাইৰাছ বিধৰ পৰা উপশম পাবলৈ কোনো ধৰণৰ ঔষধ তৈয়াৰ হোৱা নাই যদিও সামাজিক দূৰত্ব বজাই চলি এই ভাইৰাছ সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পাব পাৰি। সেয়ে সকলো ৰাষ্ট্ৰতে এতিয়া সামাজিক দূৰত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ চৰকাৰী পক্ষৰ লগতে বিভিন্ন জনপ্ৰিয় ব্যক্তিয়ে অহৰহ জনসাধাৰণলৈ আহ্বান জনাইছে। ব্যতিক্ৰম নহয় বিশ্বৰ দ্ৰুত মানৱ ৰূপে পৰিচিত উছেইন ব’ল্টো।

বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত ৮ টাকৈ স্বৰ্ণ পদক অৰ্জন কৰা ব’ল্টে এক বিশেষ ফটো জনপ্ৰিয় ছ’চিয়েল মিডিয়া টুইটাৰত আপলোড কৰি সকলোকে সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান জনাইছে‌। ব’ল্টে ২০০৮ চনৰ বেইজিং অলিম্পিকৰ এখন ফটো আপলোড কৰিছে য’ত তেওঁক চূড়ান্ত সীমা স্পৰ্শ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁৰ পিছত প্ৰায় এক/ডেৰ মিটাৰৰ পিছত অন্যান্য দৌৰবিদসকলক দেখিবলৈ পোৱা গৈছে।

ব’ল্টৰ এই ফটো আৰু টুইট এতিয়া ভাইৰেল হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments