Wednesday, September 28, 2022
HomeNewsখেলপথাৰৰ বাহিৰত আইছক্ৰীম বিক্ৰী কৰিছিলোঁ আৰু অনুভৱ কৰিছিলোঁ ফুটবল কি: ৰাকেশ প্ৰধান

খেলপথাৰৰ বাহিৰত আইছক্ৰীম বিক্ৰী কৰিছিলোঁ আৰু অনুভৱ কৰিছিলোঁ ফুটবল কি: ৰাকেশ প্ৰধান

অলিম্পিয়া বিশেষ প্ৰতিবদেন

সাক্ষাৎগ্ৰহণ: পূৰ্ণানন্দ নেওগ

ৰাকেশ প্ৰধান ভাৰতীয় ফুটবল ক্ষেত্ৰৰ এগৰাকী উদীয়মান তাৰকা। অসমৰ পৰা যিকেইগৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, সেই সকলৰ ভিতৰত ৰাকেশ প্ৰধান অন্যতম। উত্তৰ-পূবৰ ফুটবল প্ৰশিক্ষণৰ এক অগ্ৰণী অনুষ্ঠান শ্বিলং লাজং একাডেমীত ফুটবলৰ অ আ ক খ শিকিছিল ৰাকেশে। শ্বিলং লাজং ক্লাবৰ হৈ পোন প্ৰথমে প্ৰতিযোগিতামূলক ফুটবলত নামিছিল প্ৰতিভাৱান ফুটবলাৰগৰাকী। ২০১৩-১৪ৰ আই লীগত অংশ লোৱা শ্বিলং লাজং ক্লাবৰ এজন অন্যতম সদস্য আছিল যদিও সেই বৰ্ষ তেওঁ খেলপথাৰত নমিবলৈ সুবিধা পোৱা নাছিল। ২০১৭-১৮ বৰ্ষত গকুলাম কেৰেলাৰ বিপক্ষে অভিষেক ঘটে ৰাকেশ প্ৰধানৰ। সেই মেচখনত শ্বিলং লাজং ক্লাবে ১-০ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ৰাকেশ প্ৰধানো স্ব-প্ৰতিভাৰে উজলি উঠে। তাৰ পিছৰে পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই অসমৰ ডিমা হাছাওৰ এইগৰাকী ফুটবলাৰে। বৰ্তমান আই এছ এলৰ জন আব্ৰাহামৰ মালিকানাধীন দল নৰ্থ ইষ্ট ইউনাইটেডৰ সদস্য ৰাকেশ। লকডাউনৰ সময়ছোৱাত ঘৰতে অনুশীলন অব্যাহত ৰখা ৰাকেশ প্ৰধানৰ সৈতে অলিম্পিয়াৰ তৰফৰ পৰা কথা বাৰ্তা হৈছিল। তেওঁ বৰ্ণনা কৰিছিল কিদৰে তেওঁৰ খেলুৱৈ জীৱনৰ আৰম্ভণি ঘটিছিল। অকলশৰীয়া মাতৃৰে ৰাকেশ প্ৰধানৰ পৰিয়ালৰ বাবে কিমান কষ্টকৰ আছিল এই যাত্ৰা। আহকচোন খেলুৱৈগৰাকীৰ সৈতে হোৱা কথোপকথনৰ পৰা জানিবলৈ চেষ্টা কৰোঁ ৰাকেশ প্ৰধানৰ জীৱনৰ কিছু কথা।

১) আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা কওক। জন্ম, পৰিয়াল আৰু শিক্ষা দীক্ষা ইত্যাদিৰ বিষয়ে।

ৰাকেশ প্ৰধান: মোৰ জন্ম হৈছিল ডিমা হাছাওৰ গ্ৰীণ মাৰ্কেট নামৰ এখন সৰু ঠাইত। এগৰাকী অকলশৰীয়া মাতৃ আৰু আইতাৰ তত্বাৱধানত মই ডাঙৰ দীঘল হৈছিলোঁ। উচ্চ মাধ্যমিক আৰু কলেজীয়া শিক্ষা মই শ্বিলঙৰ পৰা কৰিছিলোঁ।

মাতৃৰ সৈতে শিশু ৰাকেশ

২) কেতিয়াৰ পৰা ফুটবল খেলিবলৈ আৰম্ভ কৰিছিলে? কেনবোৰ কথাই আপোনাক ফুটবল খেলাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিছিল?

ৰাকেশ প্ৰধান: মই খুব কম বয়সৰ পৰাই ফুটবল খেলিবলৈ আৰম্ভ কৰিছিলোঁ। সৰুতেই এই খেলবিধৰ প্ৰেমত পৰিছিলো। মোক যিহেতু এগৰাকী অকলশৰীয়া মাতৃয়ে ডাঙৰ কৰিছিল, সৰুতে সংঘৰ্ষ প্ৰত্যক্ষ কৰিছিলোঁ। ঘৰৰ উপাৰ্জনৰ সৈতে মই নিজেও কিছু জোৰা দিয়াৰ বাবে এসময়ত আইছক্ৰীম বিক্ৰী কৰিছিলো। আমাৰ কাষৰে খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল টুৰ্ণামেণ্টৰ সময়ত মই আইছক্ৰীম বিক্ৰী কৰিছিলোঁ। তেতিয়া দেখা পাইছিলোঁ ফুটবলক লৈ কি এক উন্মাদনা আছিল মানুহৰ মাজত। ফুটবল পথাৰৰ বাহিৰে ভিতৰে দেখা সেই পৰিৱেশে মোক আকৰ্ষিত কৰিছিল। এনেদৰেই অনুপ্ৰাণিত হৈছিলোঁ ফুটবল খেলিবলৈ।

৩) জীৱনৰ প্ৰথমজন প্ৰশিক্ষক কোন আছিল আপোনাৰ?

ৰাকেশ প্ৰধান: স্কুলত পঢ়ি থকা সময়ত আমাৰ লেৰী খাৰমালকী নামৰ এগৰাকী শিক্ষক আছিল। তেওঁ নিজেও ফুটবলৰ অনুৰাগী আছিল আৰু তেওঁ বিচাৰিছিল যে ময়ো ফুটবল খেলো। শ্বিলং লাজং ফুটবল ক্লাবলৈ তেওঁৱেই মোক ট্ৰায়েলৰ বাবে লৈ গৈছিল। তেওঁৰ বাহিৰেও শ্বিলং লাজংত ববী নংবেট, থাংবৈ ছিংটো আৰু এলিছন ছিংটিঅ’ৰ তত্বাৱধানত মই ফুটবল শিকিছিলোঁ।

৪) ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে নেকি?

ৰাকেশ প্ৰধান: দুৰ্ভাগ্যবশত মই অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো টুৰ্ণামেণ্টৰ ভাগ লোৱা নাই। শ্বিলঙত ডাঙৰ দীঘল হোৱা বাবে মই মেঘালয়ৰ পৰা সুব্ৰত কাপত অংশ লৈছিলোঁ। অসমৰ লগতে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈ খেলিবলৈ মই আগ্ৰহৰে বাট চাই আছোঁ।

৫) আই এছ এলত খেলাৰ অভিজ্ঞতা কেনেকুৱা? ৰাকেশ প্ৰধান: ফুটবলকে জীৱনৰ সকলো বুলি ভৱা যুৱ খেলুৱৈ সকলৰ বাবে আই এছ এল এখন সম্ভাৱনাৰ নতুন দুৱাৰ। আই এছ এলৰ সৈতে মোৰ অভিজ্ঞতা মধুৰ। মোৰ এতিয়াও মনত আছে ২০১৪ ৰ ১৭ অক্টোবৰত ক’লকাতাৰ বিপক্ষে নৰ্থ ইষ্ট ইউনাইটেডৰ এখন ঘৰুৱা মেচ উপভোগ কৰিবলৈ মই এজন দৰ্শক হিচাবে ষ্টেডিয়ামত ভৰি দিছিলোঁ। বিশাল কাইথ, নীম দৰ্জি টামাং আদিৰ দৰে তাৰকা খেলুৱৈক মই দেখা পাইছিলোঁ ওচৰৰ পৰা। ফটো এতিয়াও সাঁচি ৰাখিছোঁ মই। তেতিয়া সপোনতো ভবা নাছিলো যে এদিন মই ষ্টেডিয়ামৰ দৰ্শকৰ শাৰীত নহয়, বৰঞ্চ খেলপথাৰৰ মাজত এগৰাকী খেলুৱৈ হিচাবে উপস্থিত থাকিম। ২০১৯ ৰ অক্টোবৰৰ ১৯ তাৰিখে লীগৰ প্ৰথমখন মেচত মই বেংগালুৰুৰ বিপক্ষে কেণ্টিৰাভা ষ্টেডিয়ামত নামো। সেয়াই আছিল আই এছ এলৰ মোৰ প্ৰথমখন মেচ।

৬) আই এছ এলত যোগ দিয়াৰ আগতে আপুনি শ্বিলং লাজং ক্লাবৰ এজন সদস্য আছিল। শ্বিলং লাজঙৰ সৈতে হোৱা অভিজ্ঞতা কেনে আছিল?

ৰাকেশ প্ৰধান: ২০১৭-১৮ ত শ্বিলং লাজঙৰ হৈ মই আই লীগত অংশগ্ৰহণ কৰিছিলোঁ। শ্বিলং লাজঙৰ হৈ মই দুটা চিজনত অংশগ্ৰহণ কৰিছিলোঁ। শ্বিলং লাজং ক্লাব মোৰ ফুটবল যাত্ৰাৰ এটা অভিন্ন অংশ। তাতেই মোৰ ফুটবল শিক্ষাৰ আৰম্ভ হৈছিল। মোৰ দ্বিতীয় ঘৰৰ দৰে এই ক্লাব। তাৰ অনুৰাগী,দলৰ ষ্টাফ আদিৰ সৈতে মোৰ বৰ মধুৰ স্মৃতি জড়িত হৈ আছে।

আই লীগত শ্বিলং লাজং ক্লাবৰ হৈ ৰাকেশ

৭)আপোনাৰ প্ৰিয় ফুটবলাৰ কোন? আৰু কাক আপুনি আদৰ্শ হিচাবে মানি আহিছে?

ৰাকেশ প্ৰধান: ৰেনেডি সিং মোৰ প্ৰিয় ফুটবলাৰ। তেওঁৰ খেল উপভোগ কৰিয়েই মই ডাঙৰ হৈছোঁ। খেলৰ বাহিৰে যদি আদৰ্শৰ কথা কোৱা যায় তেন্তে সেয়া হৈছে মোৰ মা।

৮) খেলপথাৰৰ ভিতৰৰ আৰু বাহিৰৰ আপোনাৰ জীৱনৰ স্মৰণীয় ঘটনা বুলি ক’লে কি ক’ব?

ৰাকেশ প্ৰধান: পুনে চিটিৰ বিপক্ষে ছুপাৰ কাপত দিয়া গ’লটো আৰু প্ৰখ্যাত ফুটবল ক্লাব ইষ্ট বেংগলৰ বিপক্ষে গ’ল দিয়াৰ মুহূৰ্ত দুটা স্মৰণীয়। তাৰ লগতে, এগৰাকী প্ৰফেচনেল ফুটবলাৰ হিচাবে মোৰ যি যাত্ৰা সেয়াও মোৰ বাবে স্মৰণীয়।

সতীৰ্থৰ সৈতে ৰাকেশ

৯) আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

ৰাকেশ প্ৰধান: ভৱিষ্যতৰ বিষয়ে বৰকৈ ভবা নাছিলো যদিও শেহতীয়াকৈ ভাবিছোঁ ভৱিষ্যতে এখন ফুটবল একাডেমী মোৰ নিজৰ ঠাইতে খোলাৰ কথা ভাবিছোঁ। মই যি শিকিলোঁ আৰু নিজৰ মানুহ খিনিৰ পৰা যি লাভ কৰিলো সেই অভিজ্ঞতা নতুন প্ৰজন্মৰ সৈতে ভগাই লোৱাৰ ইচ্ছা পুহি ৰাখিছোঁ। ফুটবলো যে জীৱিকাৰ এটা উপায় হ’ব পাৰে, সেই কথা সকলোকে বুজোৱাৰ চেষ্টা কৰিম। তাৰ বাহিৰেও মই এজন প্ৰশিক্ষক হ’বলৈ পালেও ভাল পাম। থিয়ৰী হেনৰীয়ে কোৱাৰ দৰে ময়ো বিশ্বাস কৰোঁ যে, “I eat football, I sleep football. I breath football.I am not mad,I am just passionate.”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 15 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments