Sunday, October 2, 2022
HomeNewsমস্কো চহৰত ৰূপৰ পদক জয় অসমৰ উশ্বু খেলুৱৈ চিৰঞ্জিত বড়োৰ

মস্কো চহৰত ৰূপৰ পদক জয় অসমৰ উশ্বু খেলুৱৈ চিৰঞ্জিত বড়োৰ

অলিম্পিয়া প্ৰতিবেদন

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ দিনাই মস্কো চহৰত ৰূপৰ পদক অৰ্জন কৰিলে অসমৰ উদীয়মান উশ্বু খেলুৱৈ চিৰঞ্জিত বড়োৱে । যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াৰ মস্কো চহৰত আৰম্ভ হৈছে মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাত দেশৰ ৬১ গৰাকী খেলুৱৈৰ ভিতৰত অসমৰ তিনি গৰাকী খেলুৱৈও আছে । ইয়াৰ ভিতৰত জুনিয়ৰ শাখাত অসমৰ চিৰঞ্জিত বড়োৱে নানকোৱান শাখাত ৰূপৰ পদক অৰ্জন কৰিছে । আৰ্মি পাবলিক স্কুল, নাৰেঙ্গীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ চিৰঞ্জিত অসম উশ্বু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োৰ পুত্ৰ । গুৱাহাটী ৰূপ নগৰৰ জুভেন্টাছ স্পৰ্টছ ক্লাবৰ সদস্য চিৰঞ্জিতে কামৰূপ মহানগৰৰ উশ্বু সন্থাৰ হৈ উশ্বু কচিং চেণ্টাৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী । এই সাফল্যৰ বাবে চিৰঞ্জিতক অভিনন্দন জনাইছে অসম উশ্বু সন্থাৰ সভাপতি মুৰুলিধৰ চৌধৰীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments