Wednesday, October 5, 2022
HomeNewsমস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত এই পৰ্যন্ত অসমৰ ৪ টা পদক লাভ

মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত এই পৰ্যন্ত অসমৰ ৪ টা পদক লাভ

অলিম্পিয়া প্ৰতিবেদন

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়া যুদ্ধৰ দাবানল । ৰক্তাক্ত হৈছে ইউক্ৰেইনৰ অজস্ৰ সৈনিক তথা সাধাৰণ নাগৰিক । পিছে ৰাছিয়াৰ মস্কো চহৰক যেন স্পৰ্শ কৰিব পৰা নাই যুদ্ধৰ পৰিবেশে । বিগত ২২ ফ্ৰেব্ৰুৱাৰীৰ পৰা মস্কোত অব্যাহত আছে “মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপ” । বিশ্বৰ বিভিন্ন দেশৰ খেলুলৈসকলে অংশ লৈছে এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত । ভাৰতৰ পৰাও অংশ লৈছে ৬১ গৰাকী খেলুৱৈয়ে । দেশক প্ৰতিনিধিত্ব কৰা অসমৰ আছে তিনি গৰাকী খেলুৱৈ । অসমৰ উশ্বু খেলুৱৈ চানমা ব্ৰহ্ম, চিৰঞ্জীত বড়ো আৰু কাশ্যপী সোণোৱালে সূদুূৰ মস্কোত হৈ উঠিছে দুৰন্ত ।
শনিবাৰ পৰ্যন্ত অসমে অৰ্জন কৰিলে ৪ টাকৈ পদক । ইয়াৰে চিৰঞ্জীত বড়োৱে নানকোৱান ইভেণ্টত ১টা ৰূপ আৰু নানদাও ইভেণ্টত ১ টা ব্ৰঞ্জ অৰ্জন কৰিছে
। আনহাতে আনগৰাকী দুৰান্ত উশ্বু খেলুৱৈ চানমা ব্ৰহ্ম‌ইও টাইজিকুৱান ইভেণ্টত ১ টা ৰূপ, টাইজিজিয়ান ইভেণ্টত ১ টা ব্ৰঞ্জসহ মুঠ ২ টা পদক লাভ কৰিছে । ছিনিয়ৰ শাখাত পদক জয়ী চানমা হ’ল কোকৰাঝাৰ কলেজৰ স্নাতক মহলাৰ ছাত্র আৰু সমৰকলাৰ প্ৰাক্তন খেলুৱৈ ৰাকেশ বড়োৰ পুত্ৰ ।
জুনিয়ৰ শাখাত পদকজয়ী চিৰঞ্জীত নাৰেঙ্গীৰ আৰ্মি পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ । গুৱাহাটী ৰূপ নগৰৰ জুভেন্টাছ স্পৰ্টছ ক্লাবৰ সদস্য চিৰঞ্জীতে কামৰূপ মহানগৰৰ উশ্বু সন্থাৰ হৈ উশ্বু কচিং চেন্টাৰৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী ।
উল্লেখযোগ্য যে, ২০১২ চনত অসমৰ নৱনিতা সোণোৱালে আন্তঃৰাষ্ট্ৰীয় উশ্বুত কঢ়িয়াই আনিছিল গৌৰৱ । প্ৰায় ১০ বছৰৰ পাছত অন্যতম সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ উশ্বু খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হ’ল ।
এই প্ৰতিযোগিতাৰ সামৰণি পৰিব অহা ২৮ ফ্ৰেব্ৰুৱাৰীত। এই তিনিও গৰাকী খেলুৱৈয়ে অধিক পদক লাভ কৰাৰ আশা আছে । তেওঁলোকৰ সাফল্যত অসম উশ্বু সন্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰীয়ে জনাইছে শুভেচ্ছা ।

ক্ৰীড়া অনুৰাগীৰ আশা — ৰাছিয়াত ভাৰত তথা অসমৰ খেলুৱৈসকলে এইদৰেই দেখুৱাওক পৰাক্ৰম । যুদ্ধ জৰ্জৰ ৰাছিয়াত ক্ৰীড়াই দিয়ক শান্তি সম্প্ৰীতিৰ বাৰ্তা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments