Tuesday, October 4, 2022
HomeNewsপ্ৰিয়ংকাৰ ইনষ্টাগ্ৰামত ভেংকটেশৰ কমেণ্ট!অলৰাউণ্ডাৰ গৰাকীৰ সৈতে কি সম্পৰ্ক তেলেগু অভিনেত্রীৰ?

প্ৰিয়ংকাৰ ইনষ্টাগ্ৰামত ভেংকটেশৰ কমেণ্ট!অলৰাউণ্ডাৰ গৰাকীৰ সৈতে কি সম্পৰ্ক তেলেগু অভিনেত্রীৰ?

অলিম্পিয়া প্ৰতিবেদন

ক্ৰিকেটাৰ বনাম আভিনেত্ৰীৰ প্ৰেম । এয়া কোনো নতুন বিষয় নহয় যদিও চৰ্চাত এতিয়া ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ তথা চলিত আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ খেলুৱৈ ভেংকটেশ আয়াৰ । তেলুগু চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী প্ৰিয়ংকা জাৱালকাৰৰ ইনষ্টাগ্ৰামৰ কেইখনমান ফটোত কৰা কমেণ্টে এতিয়া ছচিয়েল মিডিয়াত তুলিছে ব্যাপক খলকনি । দুয়োৰে কমেণ্ট দেখি তেওঁ‌লোকৰ অনুৰাগীসকলৰ মাজত উদয় হৈছে কৌতুহলৰ ।
প্ৰিয়ংকাৰ প্ৰেমত পৰিছে নেকি আয়াৰ ? কমেণ্টৰ লগত গাঁ‌থি দিয়া প্ৰেমৰ ইমজিয়ে দিছে কিহৰ সংকেত ?

২০২১ বৰ্ষৰ আইপিএলত আয়াৰৰ প্ৰদৰ্শন আছিল অতিকে উন্নত । ১৩ খন মেচত সৰ্বমুঠ ৩৯৯ ৰাণৰ লগতে দখল কৰিছিল ৩ টা উইকেট । যাৰ ফলশ্ৰুতিত পূৰ্বৰ আইপিএলত লাভ কৰা ২০ লাখ টকাৰ ঠাইত চলিত ছিজনত দ্বিতীয় বাৰৰ বাবে কলকাতাই তেওঁক ক্ৰয় কৰিলে পূৰ্বৰ তুলনাতকৈ অধিক দাম অৰ্থাৎ ৮ কোটি টকাত ।
উল্লেখনীয় যে এইবাৰ আয়াৰৰ দাম বাঢ়িল ঠিকেই কিন্তু চলিত ছিজনৰ হৈ যোৱা চাৰিখন মেচৰ ভিতৰত প্ৰথম তিনিখনত দাঙি ধৰিব পৰা নাছিল ভাল প্ৰদৰ্শন । যাৰ বাবে ক্ৰীড়া অনুৰাগীয়ে প্ৰিয়ংকাৰ ফটোত দিয়া কমেণ্টৰ প্ৰত্যুত্তৰ হিচাপে দিছে বিভিন্ন মন্তব্য ।
আয়াৰে চেন্নাইৰ বিৰুদ্ধে ১৬ টা বলত ১৬, পঞ্জাৱৰ বিৰুদ্ধে ৭ টা বলত ৩ আৰু আৰ চি বিৰ বিৰুদ্ধে ১৪ টা বলত মাত্ৰ ১০ ৰাণ কৰিয়েই অব্যাহত ৰাখিবলগীয়া হৈছিল নিজৰ অভিযান ।পিছে বুধবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতাৰ হৈ অৱৰ্তীণ হোৱা মেচত ভেংকটেশে বেটিং বিক্ৰমেৰে দিলে যোগ্য প্ৰত্যুত্তৰ । কলকাতা নাইট ৰাইডাৰৰ্ছৰ হৈ ৪১ টা বলত অৰ্ধশতক কৰি নটআউট হৈ ৰয়। মেচখনত মুম্বাইক হৰুৱাই কলকাতা জয়ী হোৱাত ভেংকটেশৰ অৱদান আছিল উল্লেখনীয়।

ভেংকটেশৰ অনুৰাগীৰ আশা -চলিত আই পি এলত ক্ৰিকেটাৰ গৰাকীৰ বেটিং তাণ্ডৱ অব্যাহত থাকক।বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডেৰীৰে আই পি এলত কলকতা নাইট ৰাইডাৰৰ্ছক প্ৰদান কৰক জয়ৰ সোৱাদ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments