Wednesday, October 5, 2022
HomeNewsবিশ্ব টাইকোৱানডোৱে নাকচ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্লেকবেল্ট!

বিশ্ব টাইকোৱানডোৱে নাকচ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্লেকবেল্ট!

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী জুডু সমৰকলা খেলুৱৈ । সন্মান সহকাৰে লাভ কৰিছিল টাইকোৱানডোৰ ৯ ডান অবৈতনিক
ব্লেকবেল্ট । তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন । পুটিনৰ প্ৰভাৱত কম্পিত এতিয়া সমগ্ৰ বিশ্ব । সূচনা হোৱাৰ দিশে তৃতীয় বিশ্ব যুদ্ধ ।

ৰাছিয়াৰ শক্তিশালী ৰাষ্ট্ৰপতি পুটিন এগৰাকী সমৰকলাৰ খেলুৱৈ ।এতিয়াও মন গলে অনুশীলন থলীলৈ গৈ আন খেলুৱৈৰ লগত জুডু খেলে তেওঁ । সেয়া হয়তো সকলোৱে জ্ঞাত । ২০১৩ চনত এইগৰাকী ৰাজনৈতিক খেলুৱৈক বিশ্ব টাইকোৱানডোৱে সন্মান সহকাৰে প্ৰদান কৰিছিল টাইকোৱানডোৰ অবৈতনিক ব্লেক বেল্ট ৯ ডান । এতিয়া সকলোৰে মনত এক প্ৰশ্নৰ উদয় হ’ব –এগৰাকী সমৰকলা খেলুৱৈ কিদৰে হ’ব ইমান হিংসুক ! যাৰ নিৰ্দেশত ৰাছিয়ান সেনাই ধ্বংস কৰিছে ইউক্ৰেনৰ এখনৰ পাছত আনখন চহৰ, ৰক্তাক্ত হৈছে ইউক্ৰেইনৰ সৈনিক তথা সাধাৰণ নাগৰিক । আনকি পুটিনে পাৰমাণুৱিক অস্ত্র ব্যৱহাৰৰো দিছে হুংকাৰ । এইবোৰ দেখি শুনি হাত সাবটি বহি নাথাকিল “বিশ্ব টাইকোৱানডো” । ইউক্ৰেইনৰ নিৰ্দোষী লোকসকলৰ ওপৰত চলোৱা অমানৱীয় আক্ৰমণক গৰিহণা দিছে বিশ্ব টাইকোৱানডোৰ সৰ্বোচ্চ সন্থাটোৱে । সেয়েহে পুটিনৰ সকলো ব্লেক বেল্টৰ সন্মান নাকচ কৰিলে বিশ্ব টাইকোৱানডোয়ে । টুইটাৰত এই কথা উল্লেখ কৰি সন্থাটোৱে মন্তব্য কৰিছে–টাইকোৱানডোৰ দৃষ্টিভঙ্গী মতে,” বিজয় অৰ্জনতকৈ শান্তি বেছি মূল্যবান, বিশ্ব টাইকোৱানডোৱে শ্ৰদ্ধা আৰু সহনশীলতাক মূল্য দিয়ে ।”

গতিকে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হ’ল–পুটিনে যেন শান্তি তথা সহনশীলতাক ভৰিৰে পদাঘাট কৰি বিশ্বত বিয়পাইছে অশান্তিৰ বিষবাস্প ।
জুডু খেলুৱৈ হিচাপে পৰিচিত ৰাষ্ট্ৰপতি পুটিনৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় জুডু ফেডাৰেচন ললে কঠোৰ সিদ্ধান্ত । ফেডাৰেচনৰ অবৈতনিক সভাপতি আৰু ব্ৰেণ্ড এম্বেচেডৰৰ পৰা আঁতৰালে পুটিনক ।এই কথা সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে জুডুৰ সবোৰ্চ্চ সন্থাটোৱে ।

এই দৰেই যুদ্ধবাজ ৰাচিয়াক বিভিন্ন দেশৰ লগতে ক্ৰীড়াৰ জৰিয়তেও দিব বিছৰা হৈছে চাপ — যাতে পৰিস্থিতি ভয়ংকৰৰ পৰা অতি ভংয়কৰ নহয়, তাৰবাবে পাঠ পঢ়োৱাইছে পুটিনক । আনহাতে ফিফাইও নিষিদ্ধ কৰিছে ৰাছিয়াক । সমাগত কাটাৰ বিশ্বকাপৰ লগতে কোনোধৰণৰ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাত ৰাছিয়াই খেলিব নোৱাৰিব ।

এই পৰ্যন্ত ভাৰতৰ দুজন ছাত্রই ইউক্ৰেইনত প্ৰাণ আহুতি দিব লগা হৈছে । কিন্তু প্ৰশ্ন হয়- বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সন্থাসমূহৰ এনে পদক্ষেপে কিবা গা লৰাব পাৰিবনে পুটিনৰ ? এগৰাকী প্ৰাক্তন সমৰকলা খেলুৱৈৰ এনে উদণ্ড ৰূপ সচাকৈ দুখজনক । বিশ্ববাসীৰ প্ৰাৰ্থনা –উচিত শিক্ষা পাওক পুটিনে –সুমতি ঘূৰি আহক পুটিনৰ মন-মগজুলৈ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments