Tuesday, July 5, 2022
HomeNewsপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ অসমজুৰি শোকৰ ছাঁ পৰিছে। বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত। অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বহু দল-সংগঠনেও গগৈৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

অসম অলিম্পিক সন্থাৰ সভাপতি হিচাবেও দায়িত্ব পালন কৰা তৰুণ গগৈৰ বিয়োগত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ গগৈৰ বৰঙণি আছিল গুৰুত্বপুৰ্ণ। তেওঁৰ প্ৰচেষ্টাতে অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া। তাৰোপৰি অসমত ছাফ গেমছ সুকলমে অনুষ্ঠিত কৰাতো গগৈৰ বিশেষ ভূমিকাৰ শলাগ লয় সন্থাই।

অসম ক্ৰিকেট সন্থায়ো প্ৰয়াত নেতাগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে। এ চি এৰ সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিত শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। বর্ষাপাৰা ষ্টেডিয়ামৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তৰুণ গগৈৰ অৱদানক শ্ৰদ্ধাৰে সোৱৰে অসম ক্ৰিকেট সন্থাই।

ৰাজ্যৰ বৰ্ষীয়ান ৰাজিনীতিবিদগৰাকীৰ মৃত্যুক এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে ক্ৰীড়া ভাৰতী, মহানগৰ সমিতিয়ে। ক্ৰীড়া ভাৰতী, মহানগৰ সমিতিৰ সভাপতি অমল ডেকা আৰু সম্পাদক প্ৰীতম গোস্বামীয়ে এটা শোক বাৰ্তাত গগৈৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ইফালে ভাৰতীয় জনতা পাৰ্টিৰ ক্ৰীড়া কোষৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে মি ইণ্ডিয়া বিজিত গগৈয়ে।

বৰ্ষীয়ান ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত অসম বেডমিন্টন সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোকবাৰ্তাত সন্থাই মন্তব্য কৰে যে ৰাজ্যৰ ৰাজনীতি জগতখনত দীৰ্ঘকাল ধৰি সক্ৰিয় হৈ থাকি তৰুণ গগৈয়ে যি অৱদান আগবঢ়াই গ’ল সেয়া স্মৰণীয় হৈ থাকিব ৷ সন্থাই প্ৰয়াত গগৈৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

অসম এমেচাৰ বক্সিং সন্থাৰ হৈ সম্পাদক হেমন্ত কুমাৰ কলিতাই তৰুণ গগৈৰ ক্ৰীড়া ক্ষেত্ৰলৈ থকা অৱদানৰ কথা শ্রদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে গগৈৰ সহাযোগিতা অবিহনে ৰাজ্যত চতুৰ্থ এছিয়ান ৱমেন বক্সিং টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰাতো সম্ভৱ ন’হলহেঁতেন।

অসম বেচবল সন্থাৰ সম্পাদিকা আছমা বেগমেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ থকা অৱদানক স্মৰণ কৰে।

অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ নেতৃত্বত অসমৰ ক্ৰীড়াক্ষেত্ৰই উন্নয়নৰ চৰম শিখৰত উপনীত হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments