অলিম্পিয়া প্ৰতিবেদন
ফুটবল তাৰকা ডিয়েগো মাৰাডোনাৰ মৃত্যুত বিশ্বৰ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। ৰনাল্ডো, মেছিৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সকলোৱে মাৰাডোনাৰ মৃত্যুক লৈ নিজৰ মত আগবঢ়াইছে।
মাৰাডোনাই ফুটবলত বহু স্মৰণীয় মুহূৰ্ত আগবঢ়ালে :নৰেন্দ্ৰ মোডী
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাডোনাৰ মৃত্যুত নিজৰ শোক প্ৰকাশ কৰিছে। তেওঁ কৈছে ডিয়েগো মাৰাডোনা ফুটবলৰ মহাৰথী আছিল। তেওঁৰ জনপ্ৰিয়তা বিশ্বজুৰি আছিল। তেওঁ ফুটবলত আমাক বহু স্মৰণীয় মুহূৰ্ত আগবঢ়ালে।
অদ্বিতীয় যাদুকৰ : ৰ’নাল্ডো
ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে মাৰাডোনাক অদ্বিতীয় যাদুকৰ আখ্যা দিছে। ৰ’নাল্ডোৱে টুইট কৰি কৈছে, তেওঁ আমাক সোনকালে এৰি গ’ল। কিন্তু তেওঁ উত্তৰাধিকাৰী থৈ গৈছে। আপোনাৰ অনুপস্থিতিৰ অভাৱ কোনেও পুৰণ কৰিব নোৱাৰে। আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম।
গোটেই আৰ্জেণ্টিনাৰ ফুটবলৰ বাবে দুখৰ খবৰ : লিয়নেল মেছি
লিয়নেল মেছিয়ে টুইট কৰি কয়, মাৰাডোনাৰ মৃত্যু সমগ্ৰ আৰ্জেণ্টিনাৰ ফুটবলৰ বাবে দুখৰ খবৰ। তেওঁ আমাক এৰি যোৱা নাই কিয়নো তেওঁ অনন্ত। মই তেওঁৰ লগত কটোৱা সময় সদায় মোৰ লগত ৰাখিম।
এদিন আমি ওপৰত আকাশত একেলগে ফুটবল খেলিম : পেলে
পেলেই টুইট কৰি কয় এয়া অতি দুখৰ খবৰ। মই মোৰ আটাইতকৈ প্ৰিয় বন্ধুক হেৰুৱালো। কবলৈ বহুত কিবাকিবি আছে, কিন্তু এতিয়া মই ভগৱানৰ ওচৰত তেওঁৰ পৰিয়ালক সাহস দিবলৈ প্ৰাৰ্থনা কৰিছোঁ। নিশ্চিত ৰূপত এদিন আমি আমি ওপৰত আকাশত একেলগে ফুটবলৰ খেলিম।
মোৰ হিৰ’ নাথাকিল : সৌৰভ গাংগুলী
বিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে টুইট কৰি কয়, মোৰ হিৰ’নাথাকিল। মোৰ ‘জিনিয়াছ’ এতিয়া আমাৰ মাজত নাই। মই কেৱল আপোনাৰ বাবেই ফুটবল চাইছিলোঁ।
আপোনাক মনত পেলোৱা হ’ব : শচীন তেণ্ডুলকাৰ
শচীনে কৈছে ফুটবল আৰু ক্ৰীড়া জগতে আজি নিজৰ এক মহান খেলুৱৈ হেৰুৱালে। আপোনাক সদায় মনত পেলোৱা হ’ব।
বহুত ডাঙৰ ক্ষতি :সুৰেশ ৰাইনা
সুৰেশ ৰাইনাই কৈছে মাৰাডোনাৰ মৃত্যু এক বৃহৎ ক্ষতি। আমাৰ ল’ৰালিৰ তাৰকা, যিয়ে সুখ আৰু আনন্দ উপভোগ কৰাৰ বহু সুযোগ দিলে। আপুনি আমাৰ হৃদয় আৰু স্মৃতিত সদায় থাকিব।