অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াৰে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দৰ ধ্ৰুব বাট্ৰাৰ বাৰ্তালাপ, সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা


অলিম্পিয়া বাাৰ্তা

অসম অলিম্পিক সন্থাৰ মাননীয় সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ কোঁৱৰে ৰাজ্যৰ সকলো স্বীকৃতিপ্ৰাপ্ত ক্ৰীড়া সংগঠনৰ লগতে জিলা সংস্থা, জিলা ক্ৰীড়া বিষয়া, মহকুমা ক্ৰীড়া বিষয়া আৰু অসম অলিম্পিক সন্থাৰ সমূহ বিষয়ববীয়াৰ সৈতে ভিডিঅ'কনফাৰেন্সযোগে বিশেষ বাৰ্তালাপত মিলিত হয়।
 
শেহতীয়াভাৱে দেশত যথেষ্ট শিথিলতাৰে চলি থকা লকডাউন ৪.০ত খেলুৱৈসকলৰ প্ৰশিক্ষণ আৰু অনুশীলন অব্যাহত ৰাখিব পৰাকৈ বহু নীতি নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে জাৰি কৰিছে। এনে সময়ত ৰাজ্যৰ উদীয়মান আৰু আগশাৰীৰ খেলুৱৈসকলে প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰাৰ লগতে অনুশীলন কৰিব পাৰে তাৰ বাবেও অসম অলিম্পিক সন্থাৰ উদ্যোগত নতুন নিয়মাৱলী (এছ অ পি) প্ৰস্তুত কৰিবলৈ এই কনফাৰেন্সৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

অজিৰ এই ভিডিঅ' কনফাৰেন্সত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নাৰিন্দৰ ধ্ৰুব বাট্ৰাই অংশগ্ৰহণ কৰি অসম অলিম্পিক সন্থাই লকডাউনৰ সময়ত খেলুৱৈসকলৰ প্ৰতি গ্ৰহণ কৰা প্ৰসংশা কৰাৰ লগতে আগন্তুক দিনত কভিড ১৯ক প্ৰতিহত কৰি খেলুৱৈসকল কেনেধৰণে আগবাঢ়িব লাগিব তাৰো পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে জাৰ্মানী অষ্ট্ৰেলিয়া আৰু হলেণ্ডৰ উদাহৰণ দাঙি ধৰি সামাজিক দূৰত্ব বজাই ৰাখি কিছু খেল যেনে বেডমিন্টন, টেবুল টেনিচ,ভাৰোত্তোলন কেনেকৈ আৰম্ভ কৰিব পাৰি সেইবিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ লগত আলোচনামৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনায়।

ভিডিঅ' কনফাৰেন্সত অংশ লৈ ৰাজ্যৰ ৩৩টা ক্ৰীড়া সংগঠনৰ সভাপতি আৰু সম্পাদক সকলেও বহু গুৰুত্বপুৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ লগতে ব্যক্তিৰ শাৰীৰিক অনুশীলন ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *