Saturday, May 21, 2022
HomeNewsবাজেট ২০২১-২২: গ্ৰাম্য অলিম্পিক, সকলো মহকুমা সদৰত ছুইমিং পুল আৰু মিনি জিম

বাজেট ২০২১-২২: গ্ৰাম্য অলিম্পিক, সকলো মহকুমা সদৰত ছুইমিং পুল আৰু মিনি জিম

অলিম্পিয়া প্রতিবেদন

শুক্ৰবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে অসম চৰকাৰৰ ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট। মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ সমাধানলৈ ৰাজ্যৰ প্ৰায়বোৰ দিশ সামৰি দাখিল কৰা হয় এই বাজেট। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাবে এয়া আছিল অজন্তা নেওগৰ প্ৰথমখন বাজেট। আন আন ক্ষেত্ৰৰ লগতে ৰাজ্যৰ ক্রীড়াক্ষেত্ৰৰ বাবেনো কি বাৰ্তা কঢ়িয়াই আনিছে এই বাজেটে চাওঁ আহক।

২০২১-২২ বৰ্ষৰ বাজেটত ক্রীড়া আৰু যুৱ কল্যাণৰ বাবে ধার্য কৰা হৈছে মুঠ ১৪৩.১১ কোটি টকা। এই বাজেটত অসমৰ সকলো জিলা আৰু মহকুমা সদৰত এটাকৈ ছুইমিং পুল নিৰ্মাণৰ লগতে এটাকৈ মিনি জিম নিৰ্মাণৰ কথাও উল্লেখ কৰা হৈছে। তাৰোপৰি ৰাজ্যত স্থাপন কৰা হব ১০০ খন অপেন এয়াৰ জিম। ইয়াৰ লগতে এই বাজেটৰ অধীনত লীলাবাৰীস্থিত অসম ফ্লায়িং ক্লাব লিমিটেডক পুনৰুজ্জীৱিত কৰি তুলি বিমান পৰিবহণ খণ্ডৰ এটা উৎকৰ্ষ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ লগতে গাঁও পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত গ্ৰাম্য অলিম্পিক অনুষ্ঠিত কৰাৰ বাবেও আঁচনি গ্ৰহণ কৰা হৈছে। অৱশ্যে, গ্ৰাম্য অলিম্পিক অনুষ্ঠিত কৰাৰ এই ধাৰণা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনৰে প্রস্তাব। সোনোৱালৰ কাৰ্যকালত বাস্তৱ ৰূপ লাভ নকৰা এই পৰিকল্পনা অনাগত সময়ত কিদৰে কাৰ্যকৰী হয় সেয়া লক্ষণীয় হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments