Tuesday, October 4, 2022
HomeNewsকৰ'নাতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হ'ব এইখন ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা...

কৰ’নাতংকৰ মাজতে আজিৰে পৰা আৰম্ভ হ’ব এইখন ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা…

olympiasports.in

কৰ’না মহামাৰীৰ বাবে স্তব্ধ হৈ আছে ক্ৰীড়া বিশ্ব। সমগ্ৰ বিশ্বত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ৫০ লাখ অতিক্ৰম কৰিলে। এনে এক জটিল সময়তে আজিৰে পৰা আৰম্ভ হৈছে এক ৰোমাঞ্চকৰ ক্ৰিকেট প্ৰতিযোগিতা।

হয়, কৰ’না মহামাৰীৰ মাজতে আজিৰে পৰা ভিন্সি প্ৰীমিয়াৰ টি-১০ ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। ইতিমধ্যে ঘোষণা কৰা।সূচী অনুসৰিয়েই আজিৰে পৰা ৩১ মে’ লৈকে অনুষ্ঠিত হ’ব এই ৰোমাঞ্চকৰ প্ৰতিযোগিতাখন। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন সকলোৱে ষ্টাৰ স্প’ৰ্টছ আৰু ই এছ পি এনৰ জৰিয়তে উপভোগ কৰিব পাৰিব। আনহাতে প্ৰতিযোগিতাখনৰ আশ্চৰ্যকৰ কথাটো হ’ল, কৰ’না মহামাৰীৰ আতংকৰ মাজতো প্ৰতিযোগিতাখনৰ মেচসমূহ সকলো দৰ্শকৰ বাবে মুকলি কৰা হৈছে। অৰ্থাৎ মেচ উপভোগ কৰিবলৈ দৰ্শকসকল ষ্টেডিয়ামলৈ আহিব পাৰিব।

প্ৰতিযোগিতাখনত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। য’ত ৱেষ্ট ইণ্ডিজৰ সুনীল আম্ব্ৰীছ, কেথৰিক উইলিয়ামছ, ওৱেড মেকাইৰ দৰে জনপ্ৰিয় ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। ৩১ মে’লৈকে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত সৰ্বমুঠ ২৮ খন মেচ অনুষ্ঠিত হ’ব। আজিৰ প্ৰথম মেচখন অনুষ্ঠিত হ’ব পূব কেৰিবিয়ান দেশ চেণ্ট ভিঞ্চেণ্ট আৰু দ্যা গ্ৰেণাইডাইঞ্চৰ মাজত অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments