Friday, September 30, 2022
HomeNewsএখন বিশেষ ফটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা ৰোহিত শৰ্মা

এখন বিশেষ ফটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা ৰোহিত শৰ্মা

অলিম্পিয়া প্ৰতিবেদন

বিশ্বক্ৰিকেটক মোহাচ্চন্ন কৰি ৰখা এজন ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মা। যাৰ বেটিংৰ যাদুত তচনচ প্ৰতিপক্ষ। ক্ৰিকেট অনুৰাগীৰ বাবে ৰোহিত শৰ্মা সদায়ে এগৰাকী য়ুথ আইকণ।ক্ৰিকেটৰ বাবে সদায় সংবাদ শীৰ্ষত থাকে ৰোহিত।

পিছে এইবাৰ ক্ৰিকেটৰ বাবে নহয় অন্য এক কাৰণতহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ভাৰতীয় ক্ৰিকেটাৰ গৰাকী।চৰ্চাৰ কাৰণ ইন্টাৰনেটত ভাইৰেল হোৱা এখন বিশেষ ফটো।পাকিস্তানৰ ৰাৱালপিণ্ডিত এনেদৰে দেখা গৈছে ৰোহিত শৰ্মাক।পথৰ কাষত চৰৱত খাই থকাৰ এই ফটোখন এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে। পিছে আপুনি ভূল নকৰিব ।ফটোত দেখা পোৱা এই যুৱকজন ৰোহিত শৰ্মা নহয়।ৰোহিত শৰ্মাৰ দৰে সাইলাখ একে এইগৰাকী যুৱক।সামাজিক মাধ্যমত চৰ্চা লাভ কৰা এই বিশেষ ফটোখন পাকিস্তানৰ ৰাৱালপিণ্ডি অঞ্চলৰ।এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে অনুৰাগীসকলে কৰিছে বিভিন্ন মন্তব্য। ফটোখনক লৈ কৰা হৈছে কৌতুক।

এজন অনুৰাগীৰ মতে ৰোহিতক চৰৱতৰ প্ৰয়োজন আছে, কাৰণ চাপ নিয়ন্ত্ৰণৰ বাবে চৰৱত প্ৰয়োজনীয়।
উল্লেখযোগ্য যে, ২০২১ ৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰৰ্দশন সন্তোষজনক নহয়।দলটোৱে ১১ খন মেচত ৬ খনতে পৰাজয়ৰ সন্মুখীন হৈছে।বহুতেই সেয়ে ফটোখনত কেন্দ্ৰ কৰি মন্তব্য কৰিছে যে যে হতাশাত ভুগি থকা ৰোহিতে জিৰণি বিচাৰি গৈছে পাকিস্তানলৈ।আন একাংশৰ কটাক্ষভৰা মন্তব্য -কোনে কয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বাবে পাকিস্তান অসুৰক্ষিত? এনেদৰে সামাজিক মাধ্যমত এতিয়া খুহুতীয়া মন্তব্যৰে বিভিন্নজনে সেই বিশেষ ফটোখনৰ বিশ্লেষণ আগবঢ়াইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments