Tuesday, October 4, 2022
HomeNewsবিৰাট,অনুষ্কাৰ মহানুভৱতা : মুম্বাই আৰক্ষীলৈ সাহায্য

বিৰাট,অনুষ্কাৰ মহানুভৱতা : মুম্বাই আৰক্ষীলৈ সাহায্য

olympiasports.in

কৰ’না মহামাৰীৰ বিৰুদ্ধে বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ বহু তাৰকা ক্ৰীড়াবিদ আগুৱাই আহিছে। কোনোৱে যদি নিজ দেশৰ চৰকাৰলৈ আৰ্থিক সহযোগিতা আগবঢ়াইছে আন কোনোৱে আকৌ অসহায় জনলৈ আগবঢ়াইছে সহায়ৰ হাত। ব্যতিক্ৰম নহয় ভাৰতীয় ক্ৰীড়াবিদসকলো।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই দেশ লকডাউনৰ কবললৈ যোৱাৰে পৰা কৰ’না মহামাৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ হকে কাম কৰি আহিছে। ইয়াৰ মাজতে ভাৰত চৰকাৰলৈ আগবঢ়াইছিল আৰ্থিক সহযোগিতা। অৱশ্যে কিমান টকা তেওঁলোকে ভাৰত চৰকাৰলৈ আগবাঢ়িছিল সেই কথা ৰাজহুৱা কৰা নাছিল।

শেহতীয়াকৈ পুনৰ বিৰাট আৰু অনুষ্কা এনে এক কাৰণত চৰ্চালৈ আহিছে। এইবাৰ বিৰাট আৰু অনুষ্কাই মুম্বাই আৰক্ষীলৈ আৰ্থিক অনুদান আগবঢ়াইছে। যোৱা শনিবাৰে বিৰাট আৰু অনুষ্কাই কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত নামি থকা মুম্বাই আৰক্ষীলৈ আগবঢ়াইছে ৫ লাখ টকাৰ আৰ্থিক অনুদান।

বিৰাট আৰু অনুষ্কাৰ এই মহানুভৱতাৰ কথা মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে টুইটাৰ যোগে সদৰী কৰে ৷ মুম্বাই আৰক্ষীৰ জোৱানসকলৰ কল্যাণৰ বাবে পাঁচ লাখকৈ আর্থিক অনুদান আগবঢ়োৱা কোহলি আৰু অনুষ্কাক ধন্যবাদ জনাই সিঙে টুইটাৰত কয় যে, আপোনালোকৰ বৰঙণিয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত ফ্রণ্টলাইন যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments