Tuesday, October 4, 2022
HomeNewsগৃহবন্দী হৈ বিৰাট-অনুস্কাই কৰিছে কি?

গৃহবন্দী হৈ বিৰাট-অনুস্কাই কৰিছে কি?

olympiasports.in

ক’ৰনা ভাইৰাছৰ বাবে সমগ্ৰ দেশ এতিয়া লকডাউনৰ কবলত। স্তব্ধ হৈ পৰিছে জনজীৱন। সমান্তৰালভাৱে স্তব্ধ হৈ পৰিছে দেশৰ ক্ৰীড়া ক্ষেত্ৰ। একেদৰে বিশ্বৰ প্ৰায় সকলো দেশেই এতিয়া লকডাউনৰ কবলত। বিশ্বৰ সকলো প্ৰান্ততে ক্ৰীড়া জগত স্থবিৰ হৈ পৰিছে। এনে পৰিবেশত আপোনাৰ বাৰু মন নাযায় নে আপোনাৰ প্ৰিয় ক্ৰিকেটাৰগৰাকীয়ে বাৰু কি কাম কৰি সময় অতিবাহিত কৰিছে? ঘৰৰ কোঠালিৰ ভিতৰত আৱদ্ধ হৈ থাকি আপোনাৰো নিশ্চয় আমনি লাগিছে? আহক আজি আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ গৰাকীয়ে কি কৰি সময় পাৰ কৰিছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ।

লকডাউনৰ এই সময়চোৱাত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি এতিয়া নিজৰ ঘৰত ব্যস্ত। আপুনি নিশ্চয় জানে বিৰাটৰ পত্নীও এগৰাকী চেলিব্ৰিটী। বিৰাট আৰু বিৰাটৰ অভিনেত্ৰী পত্নী অনুস্কা শৰ্মা এতিয়া একেলগে নিজৰ ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে। কোহলি ক্ৰিকেটৰ বাবে বিশ্বৰ বিভিন্ন দেশত ঘূৰি ফুৰাৰ বাবে আৰু অনূস্কা চিনেমা শ্বুটিংৰ কামত ব্যস্ত থকাৰ বাবে দুয়ো খুব কমেইহে একেলগে সময় অতিবাহিত কৰিব পাৰে। লকডাউনৰ এই সময়চোৱাত দুয়োৰে হাতত এতিয়া অপৰ্যাপ্ত সময়। শেহতীয়াকৈ বিৰাট আৰু অনুস্কাৰ এক ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি অনুস্কাই বিৰাটৰ চুলি এক নতুন ষ্টাইলত কাটি দিছে। বিৰাটৰ চুলি কাটি থকা এই ভিডিঅ’টো অনুস্কাই নিজে চচিয়েল মিডিয়াত আপলোড কৰিছে। আনহাতে অনুস্কাৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি বিৰাটে লিকিছে – ‘মোৰ পত্নীৰ দ্বাৰা প্ৰস্তুত কৰা এয়া সুন্দৰ হেয়াৰ কাট। ৰান্ধনী ঘৰত ব্যৱহাৰ কৰা কেঁচীৰে ইমান ধুনীয়া হেয়াৰ কাটৰ বাবে তোমাক ধন্যবাদ।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments