Wednesday, October 5, 2022
HomeNewsশততম টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতকৰ পৰাও বঞ্চিত বিৰাট : পূৰ্ণ হ'বনে...

শততম টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতকৰ পৰাও বঞ্চিত বিৰাট : পূৰ্ণ হ’বনে বিৰাটৰ সপোন ??

অলিম্পিয়া প্ৰতিবেদন

আশা আধৰুৱা হৈ ৰ’ল বিৰাটৰ। শততম টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতকৰ পৰাও বঞ্চিত । ৭৬ টা বলৰ বিপৰীতে ৪৫ ৰাণ দলক উপহাৰ দি আউট বেটিঙৰ ৰজা । আশাত চেঁচাপানী পৰিল অনুৰাগীৰ ।

বহুদিন বিৰাট কোহলিৰ বেটৰ পৰা অহা নাছিল শতক । অধিনায়কত্ব এৰাৰ পৰা দায়িত্বও কিছু কমিছে বিৰাটৰ । চৰ্চা চলিছিল বিৰাটে শততম টেষ্টত দেখুৱাব বেটিঙৰ যাদু ।

শুক্ৰবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে পঞ্জাবৰ মোহালিত অনুষ্ঠিত হৈছে টেষ্ট ছিৰিজৰ প্ৰথম মেচ । এই ছিৰিজৰ প্ৰথমখন মেচ বিৰাটৰ বাবে আছিল বিশেষ । কাৰণ কোহলিৰ টেষ্ট কেৰিয়াৰৰ এয়া ১০০ সংখ্যক মেচ । ২০১৯ চনৰ ২৩ নৱেম্বৰতে শেষবাৰৰ বাবে শতক কৰিছিল কোহলিয়ে ।তাৰপাছত ৭০ টাকৈ ইনিংছত শতকৰ অপেক্ষাত আছিল বিৰাট । সামগ্ৰিকভাৱে, বিৰাটৰ এদিনীয়াত আছে ৪৩ টা চেঞ্চুৰী আৰু টেষ্টত ২৭ টা চেঞ্চুৰী ।

উল্লেখযোগ্য যে, ক্ৰিকেট বিশ্বৰ কেইবাগৰাকীও তাৰকাই নিজা ১০০ সংখ্যক টেষ্টত চেঞ্চুৰী কোবাৱাৰ ইতিহাস আছে । অনুৰাগীসকলে আশা কৰিছিল শততম টেষ্টত বিৰাটে দিব চমক । পিছে সেই চমকটো দূৰৰে কথা, মোহালিত অনুষ্ঠিত প্ৰথমখন মেচত অৰ্ধশতকো কৰিব নোৱাৰিলে বিৰাটে । মাত্র ৪৫ ৰাণতে পেভিলিয়নলৈ উভতি আহিল তাৰকা ক্ৰিকেটাৰজন ।

পিছে শুকুৰবাৰে বিৰাটে অতিক্ৰম কৰিলে ৮০০০ ৰাণৰ । ৰোপন কৰিলে এক মাইলৰ খুঁটি । ইয়াৰ আগলৈকে কোহলিৰ ৯৯ টেষ্টত ৰাণ আছিল ৭৯৬২ ।

ইফালে,বিৰাট কোহলিৰ ১০০ সংখ্যক টেষ্ট মেচত আৰম্ভ হোৱাৰ পূৰ্বে কোহলিক প্ৰশংসাৰে উপচাই দিলে বি চি চি আই-এ ৷ ৰাহুল দ্ৰাবিড়েও বিশেষ ১০০ সংখ্যক টেষ্টৰ বাবে কেপ অৰ্পণ কৰিলে বিৰাটৰ হাতত ৷ ইমানখিনি সাফল্যৰ কৃতিত্ব পত্নীক প্ৰদান কৰে বিৰাট কোহলিয়ে ৷

উল্লেখযোগ্য যে, ইংলেণ্ডৰ এলেক্স ষ্টুৱাৰ্টে ২০০০ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চেঞ্চুৰী কোবাই তেওঁৰ শততম টেষ্টক কৰিছিল স্মৰণীয় । সেইদৰে, পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকেও নিজৰ ১০০ সংখ্যক টেষ্টত কৰিছিল চেঞ্চুৰী । আনহাতে, ২০০৬ চনত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰিকি পন্টিং, ২০২১ চনত ইংলেণ্ডৰ টেষ্ট অধিনায়ক জো ৰুটে ভাৰতৰ বিৰুদ্ধে ডাবল চেঞ্চুৰী কৰি নিজা শততম টেষ্ট কৰি তুলিছিল বিশেষ ।

তদুপৰি, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে ইংলেণ্ডৰ বিৰুদ্ধে আৰু হাছিম আমলাই শ্ৰীলংকাৰ বিৰুদ্ধে শতক কৰি গঢ়িছিল একেই অভিলেখ ।

পিছে এইসকল ক্ৰিকেট তাৰকাৰ দৰে বিৰাটৰ বাবে শততম টেষ্টৰ প্ৰথম মেচৰ প্ৰথম ইনিংছ সুখকৰ নহ’ল । তথাপি দ্বিতীয় ইনিংছত শতকৰ আশাত বন্দী বিৰাট কোহলিৰ কোটি কোটি অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments