Wednesday, October 5, 2022
HomeNewsঅধিনায়ক হিচাপে বিৰাট কোহলি : এক চমু অৱলোকন

অধিনায়ক হিচাপে বিৰাট কোহলি : এক চমু অৱলোকন

✍️ আৰচদ আলি, গুৱাহাটী বিশ্ববিদ্যালয়

ভাৰতীয় ক্ৰিকেটৰ কথা ক’লেই বিৰাট কোহলি সমগ্ৰ বিশ্বতে নিঃসন্দেহে সকলোৰে বাবে এক চিনাকি নাম । ভাৰতীয় ক্ৰিকেটৰ ইতিহাসলৈ যদি আমি লক্ষ্য কৰোঁ, বিৰাট কোহলিৰ নাম অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে বিবেচিত হ’ব । টেষ্ট, এদিনীয়াৰ পৰা আৰম্ভ কৰি টি-টুৱেন্টীত প্ৰায় ২০ হেজাৰৰো অধিক ৰাণ সংগ্ৰহ কৰি বৰ্তমান সময়ৰ অন্যতম অপ্ৰতিদ্বন্দ্বী বেটছমেন হিচাপে বিশ্ব ক্ৰিকেটত বিৰাট কোহলিৰ স্থান অদ্বিতীয় । অৱশ্যে, অতি শেহতীয়াকৈ বিৰাট কোহলিয়ে ভাৰতীয় দলৰ তিনিওটা সংস্কৰণৰ অধিনায়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰে । গৃহ আৰু বিদেশৰ মাটিত সন্মুখৰ পৰা নেতৃত্ব দি বহু গুৰুত্বপূৰ্ণ খেল আৰু শৃংখলাত ভাৰতীয় দলক জয়ৰ সোৱাদ দিয়া কোহলিয়ে কেওটা সংস্কৰণৰ অধিনায়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰা কাৰ্যই সমূহ ক্ৰিকেটপ্ৰেমীৰ লগতে দেশবাসীকো আচম্বিত কৰি তুলিছে । মহেন্দ্ৰ সিং ধোনীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছত ২০১৪ বৰ্ষত ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰা বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় টেষ্ট দলে মুঠ ৬৮ খন খেলত অংশগ্ৰহণ কৰি ৪০খন খেলত জয়ী হোৱাৰ পৰিৱৰ্তে ১৭খন খেলত পৰাজয় বৰণ কৰে । ইয়াৰে আকৌ ১৭ খন খেল অমীমাংসিত হৈ সমাপ্ত হয় । বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় দলে নিজৰ মাটিত আৰু বিদেশত সৰ্বাধিক টেষ্ট জয়ৰ অভিলেখ স্থাপন কৰে ।অন্যহাতেদি, কোহলিৰ নেতৃত্বত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত উপনীত হৈ ভাৰতীয় দলে অৱশ্যে নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ খিতাপ জয়ৰ পৰা বঞ্চিত হয় । ২০১৮-১৯ বৰ্ষত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাৰতীয় দলে কোহলিৰ নেতৃত্বতে ১৯৪৮ ৰ পাছত সূৰ্দীঘ ৭১ বছৰৰ বিৰতিত টেষ্ট শৃংখলা জয় কৰে । আকৌ, কোহলিৰ সবল নেতৃত্বৰ বাবেই ভাৰতীয় টেষ্ট দলে ২০১৬ বৰ্ষৰ অক্টোবৰৰ পৰা ২০২০ ৰ মাৰ্চ পৰ্যন্ত ৪২ টা মাহ টেষ্ট ৰেংকিঙত প্ৰথমটো স্থান অক্ষূণ্ন ৰাখিবলৈ সৰ্মথ হৈছিল । ব্যক্তিগতভাৱে কোহলিয়ে নিজৰ অধিনায়কত্বৰ সময়ছোৱাত মুঠ ৬৬ টা ইনিংছত ৫৫.৩৬ গড়ে মুঠ ৫৭০৩ ৰাণ সংগ্ৰহ কৰে– য’ত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক ২০ টা শতকো অৰ্জন কৰে । এইখিনি কালতে কোহলিয়ে সাতোটাকৈ দ্বি-শতক অৰ্জন কৰে ‌। যিটো অধিনায়ক হিচাপে পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ ।
অন্যহাতেদি, টেষ্ট ক্ৰিকেটৰ দৰেই এদিনীয়া ক্ৰিকেটতো ভাৰতীয় দলক নেতৃত্ব দিয়া কোহলিৰ অধীনত ভাৰতীয় দলে মুঠ ৯৫ খন মেচত অংশগ্ৰহণ কৰি ৬৫ খন খেলত জয়লাভ কৰে । ইয়াৰে ২৭ খন খেলত পৰাজিত হোৱাৰ বিপৰীতে ৩ খন খেল অমীমাংসিত হৈ ৰয় । কোহলিৰ এই জয়ৰ সংখ্যা ভাৰতীয় অধিনায়কসকলৰ ভিতৰত চতুৰ্থ সৰ্বোচ্চ । নিজৰ অধিনায়কৰ কালছোৱাত কোহলিয়ে সৰ্বমুঠ ৫৪৪৯ ৰাণ সংগ্ৰহ কৰে–যিটো ধোনীৰ সৰ্বমুঠ ৬৬৪১ ৰাণৰ পাছতে দ্বিতীয় সৰ্বোচ্চ । এইখিনি সময়তে কোহলিয়ে মুঠ ২১ টা শতৰাণ অৰ্জন কৰে যিটো অষ্ট্ৰেলিয়াৰ ভূতপূৰ্ব অধিনায়ক ৰিকী পন্টিঙৰ ২২ টা শতকৰ পাছতে দ্বিতীয় সৰ্বোচ্চ ।
ক্ৰিকেটৰ অন্য এক গুৰুত্বপূৰ্ণ সংস্কৰণ টি-টুৱেন্টী খেলত ভাৰতীয় দলক কোহলিয়ে মুঠ ৫০ খন খেলত নেতৃত্ব প্ৰদান কৰি মুঠ ৩০ খনত জয়ৰ সোৱাদ দিবলৈ সমৰ্থ হয় আৰু ১৬ খনত পৰাজয় বৰণ কৰে । অধিনায়ক হিচাপে কোহলিয়ে সৰ্বাধিক ১৫৭০ ৰাণ সংগ্ৰহ কৰিছে । কোহলি হৈছে একমাত্ৰ ভাৰতীয় অধিনায়ক যাৰ নেতৃত্বত ভাৰতীয় দলে ‘ছেনা’ ( SENA ) হিচাপে ক্ৰিকেট জগতত পৰিচিত প্ৰতিখন ৰাষ্ট্ৰৰ বিৰুদ্ধে সেই দেশৰ মাটিত টি-টুৱেন্টী শৃংখলাত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় ।ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাক তেওঁলোকৰ মাটিতে ২-১ ব্যৱধানত পৰাজিত কৰাৰ বিপৰীতে নিউজিলেণ্ডক ৫-০ ৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ সোৱাদ ল’বলৈ সক্ষম হয় । আকৌ,অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড দুয়োকে ২-১ ৰ ব্যৱধানত পৰাজিত কৰি এই বিশেষ কৃতিত্ব অৰ্জন কৰে ভাৰতীয় টি-টুৱেন্টী দলটোৱে কোহলিৰ নেতৃত্বতে ।
বিৰাট কোহলিৰ অৱশ্যে আইপিএলত অধিনায়ক হিচাপে সাফল্য আশাব্যঞ্জক নহয় । ৰয়েল চেলেঞ্জাৰ বেংগালুৰুক দীৰ্ঘ সময়ৰ বাবে নেতৃত্ব দিয়া কোহলিৰ নেতৃত্বত দলে ১৪০ খন খেলত অংশগ্ৰহণ কৰি ৬৪ খনত জয়ী হোৱাৰ পৰিবৰ্তে ৬৯ খনত পৰাজিত হয় । কোহলিয়ে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব ত্যাগ কৰাৰ দৰে আইপিএলতো অধিনায়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।
মুঠৰ ওপৰত বিৰাট কোহলি ভাৰতৰ এজন অন্যতম সফল অধিনায়কৰ ভিতৰত এজন হিচাপে গণ্য হোৱাত কাৰো দ্বিমত নাথাকিব । অৱশ্যে, কোহলিৰ অধীনত ভাৰতে আইচিচিৰ এটাও ট্ৰফী জয় কৰিবলৈ সফল নোহোৱাত ক্ৰিকেটপ্ৰেমীৰ মাজত এটা দুখ থাকি যাব ।
এতিয়া অধিনায়কৰ দায়িত্ব এৰি এজন খেলুৱৈ হিচাপে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব এইজনা মহান খেলুৱৈয়ে । ভাৰতীয় দলৰ পোচাকত আৰু অধিক পৰাক্ৰমৰে কোহলিক অনাগত দিনত খেলপথাৰত দেখা পোৱা যাব বুলি আশা ব্যক্ত কৰিব পাৰি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments