Sunday, October 2, 2022
HomeNewsখালী ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰিলে ক্ৰিকেটে প্ৰকৃত মাদকতা হেৰুৱাব : কোহলি

খালী ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰিলে ক্ৰিকেটে প্ৰকৃত মাদকতা হেৰুৱাব : কোহলি

olympiasports.in

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে খালী ষ্টেডিয়ামত ক্ৰিকেট মেচ অনুষ্ঠিত কৰিলে ক্ৰিকেটে ইয়াৰ প্ৰকৃত মাদকতা হেৰুৱাব বুলি আশংকা কৰিছে। সংবাদ প্ৰতিষ্ঠান ষ্টাৰ স্প’ৰ্টছৰে হোৱা এক সাক্ষাৎকাৰত কোহলিয়ে আশংকা কৰিছে যে দৰ্শক শূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত কৰাটো এতিয়া নিশ্চিত হৈ পৰিছে। তেওঁ কয়, ‘কৰ’না মহামাৰীৰ আতংক দূৰ হোৱাৰ পিছত খালী ষ্টেডিয়ামত খেল অনুষ্ঠিত হোৱাটো সম্ভৱ। কৰ’না ভাইৰাছ মুক্ত হোৱাৰ পিছত কিছুদিনৰ বাবে হয়তো দৰ্শকশূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত হোৱাটো বাঞ্ছনীয় হ’ব। কাৰণ কৰ’না ভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আই চি চিয়ে ইতিমধ্যে বিষয়টো চিন্তা চৰ্চা কৰিছে। আনে এই সন্দৰ্ভত কি ভাবে মই নাজানোঁ, কিন্তু মোৰ মতে ষ্টেডিয়ামত দৰ্শক নাথাকিলে ক্ৰিকেটৰ প্ৰকৎই মাদকতা হেৰাই যাব। দৰ্শকৰে ভৰা ষ্টেডিয়ামত খেলাৰ যি মাদকতা তাৰ পৰা আমি বঞ্চিত হ’ম।খেলপথাৰত যদিও আমি ১১ গৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰোঁ, আমাৰ সৈতে প্ৰতিটো মুহূৰ্তত স‌ংযুক্ত হৈ থাকে দৰ্শকৰ মৰম আৰু অভূতপূৰ্ব সমৰ্থন।’

কৰ’না মহামাৰীৰ বাবেই সমগ্ৰ বিশ্বৰ অন্যান্য ক্ৰীড়াৰ লগতে ক্ৰিকেটো বন্ধ হৈ আছে। বহু কেইখন মেচ বাতিল হোৱাৰ লগতে আগন্তুক সময়ত হ’বলগীয়া বহু কেইখন মেচলৈ অনিশ্চয়তা নামি আহিছে। এনে সময়ত আকৌ বহু কেইখন ক্ৰিকেট ব’ৰ্ডে দৰ্শক শূন্য ভাৱে ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আনকি চলিত বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বৰগীয়া টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাও আই চি চিয়ে দৰ্শকৰ অবিহনেই অনুষ্ঠিত কৰাৰ মন মেলিছে।

ষ্টাৰ স্প’ৰ্টছৰে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰটোত দৰ্শক শূন্য ভাবে মেচ অনুষ্ঠিত কৰাৰ বিষয়ত কোহলিয়ে কৰা উপৰোক্ত মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে‌।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments