ক্ৰিষ্টিয়ানো ৰোনাল্ডোক লৈ ইণ্টাৰনেটত ব্যস্ত বিৰাট কোহলি

অলিম্পিয়া প্রতিবেদন

পতুগীৰ্জ ফুটবল ৰাজকুমাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো৷ শক্তি আৰু শৈলীৰে ফুটবলৰ পথাৰত ধুমুহা তুলি বিপদক বিপাঙত পেলোৱাত সিদ্বহস্ত ৰোনাল্ডোৰ লাখ লাখ অনুৰাগী সমগ্ৰ বিশ্বতে৷ এই অনুৰাগীৰ তালিকাত যদি বিৰাট কোহলিৰ নাম থাকে তেনেহলে সেয়া উল্লেখনীয় খবৰ৷ কাৰণ ক্ৰিকেট বিশ্বৰ এজন অন্যতম সফল খেলুৱৈ বিৰাট কোহলি৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কজন বিশ্বজুৰি জনপ্ৰিয়৷ লাখ লাখ অনুৰাগী তেওঁৰো৷ কিন্তু বিৰাটৰ পচন্দৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো৷ বিশ্বকাপ ফুটবলৰ বাচনি পৰ্ব, কোপা আমেৰিকা, তাৰকা খেলুৱৈৰ নতুন ছিজনৰ চুক্তি আদিয়ে বৰ্তমান গৰম কৰি ৰাখিছে সংবাদ মাধ্যম৷

ইণ্টাৰ নেটত বিৰামহীন ব্যস্ততা অনুৰাগীৰ৷ সেই অনুৰাগীৰ মাজৰে এজন বিৰাট কোহলি ব্যস্ত ফুটবলৰ এই বাতৰি সমূহকলৈ৷ তেওঁ নিজেও প্ৰস্তুতি চলাইছে টেষ্ট ক্ৰিকেট চেম্পিয়ন বিশ্বৰ ফাইনেলখনকলৈ৷ অত্যন্ত সুক্ষ্মতাৰে খেলখন জিকাৰ বাবে সাজু হোৱা নিউজিলেণ্ডত কেনেকৈ ভেটিব, বিপক্ষৰ গোপন অস্ত্ৰ বোৰৰ মূখামূখী কেনেকৈ হ’ব এনে বহুদিশৰ বাবে নিজৰ দলক প্ৰস্তুত কৰিছে বিৰাটে৷ কিন্তু তাৰ মাজতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক লৈও উৎসুকতা ৰাখিছে৷ বৰ্তমান জুভেণ্টাছৰ হৈ খেলা ৰোণাল্ডোৱে আগন্তুক ছিজনত কাৰ হৈ খেলিব৷ নতুনকৈ কোন ক্লাৱত যোগ দিব ৰোনাল্ডোৱে অৱশ্যে যোৱা ছিজনটো জুভেণ্টাছত ভালদৰে নগল ৰোনাল্ডোৰ৷ সেয়ে জুভেণ্টাছত থকাৰ মন নাই ৰোনাল্ডোৰ৷ তেনেহলে ৰিয়েল মাদ্ৰিদ, বৰ্ছিলোনো, এটলিকো মাদিন্দ নে আন কৰবাত চুক্তিবদ্ধ হ’ব পতুগীৰ্জ ‘ৰাজকুমাৰ’৷ কিছুদিন পূৰ্বে সামাজিক অনুৰাগীৰে হোৱা কথা বতৰাত আগন্তুক টেষ্ট টেষ্ট চেম্পিয়নলিগৰ ফাইনেলখনৰ লগতে ফুটবল ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিষয়েও স্থান পাইছিল৷ তেওঁৰ পচন্দৰ তালিকাৰ শীৰ্ষত থকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে পৰৱৰ্তী সময়ত কোনো বেলেগ ক্লাৱত যোগ দিব জুভণ্টাছতে থাকিব সেই বিষযে জনাৰ বাবে ইণ্টাৰ নেট দুনিয়াত বিচৰণ কৰাৰ কথা জনায় বিৰাটে৷

উল্লেখ্য যে শেহতীয়াকৈ বিৰাটে ফুটবল খেলি থকা এটা পোষ্ট শ্বেয়াৰ কৰিছিল ইষ্টাগ্ৰামত৷ য’ত বিৰাটে গ’ল পোষ্টলৈ এটা সুন্দৰ শ্বট লোৱা দেখা গৈছিল বিৰাটক৷ অনুৰাগীয়ে প্ৰশংসাত উপচাই পেলাইছিল ফুটবলাৰ বিৰাটক৷ সম্পতি টেষ্ট চেম্পিয়ন শ্বিপৰ সুচীলৈ ভাৰতীয় দলৰ সৈতে ইংলেণ্ডত বিৰাট কোহলি৷

Leave a Reply

Your email address will not be published. Required fields are marked *