Tuesday, October 4, 2022
HomeNewsইউগভৰ সমীক্ষাঃ ২০২১ৰ শীৰ্ষ ২০ জন ব্যক্তিৰ তালিকাত ৪ খেলুৱৈ

ইউগভৰ সমীক্ষাঃ ২০২১ৰ শীৰ্ষ ২০ জন ব্যক্তিৰ তালিকাত ৪ খেলুৱৈ

অলিম্পিয়াৰ প্ৰতিবেদন

অৱসৰৰ ৮ বছৰৰ পিছতো জনপ্ৰিয়তা কমা নাই ভাৰতৰ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ। ইউগভ নামৰ এটা ৱেবছাইটৰ এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে। ৱেবছাইটটোৱে ২০২১ বৰ্ষৰ বাবে ‘মোষ্ট এডময়াৰ্ড মেন’ৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত বিশ্বৰ শীৰ্ষ ২০ জন লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।এই তালিকাত বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ ১৬ জন ব্যক্তিৰ লগতে ৪ জন খেলুৱৈয়ে স্থান লাভ কৰিছে।

তালিকাত স্থান দখল কৰা আটাইতকৈ চৰ্চিত নামতো হৈছে শচীন তেণ্ডুলকাৰ। তেওঁ তালিকাৰ ১২ নং স্থান দখল কৰিছে।৮ বছৰ পূৰ্বে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা শচীনৰ জনপ্ৰিয়তা এতিয়াও যে হ্ৰাস হোৱা নাই সেই কথা এই তালিকাই প্ৰমাণ কৰে। আনহাতে বৰ্তমানৰ টেষ্ট অধিনায়ক বিৰাট কোহলীয়ে এই তালিকাৰ ১৮ সংখ্যক স্থান লাভ কৰিছে।

বিৰাট কোহলী বৰ্তমান সামাজিক মাধ্যমত সৰ্বাধিক অনুৰাগীৰ আটাইতকৈ জনপ্ৰিয় ভাৰতীয় খেলুৱৈ। তেওঁক শচীনতকৈ অধিক জনপ্ৰিয় বুলিও এই অনুৰাগীৰ সংখ্যাৰে তুলনা কৰা হয়। কিন্তু ইউগভৰ এই সমীক্ষাই সেই ধাৰণাক ভুল প্ৰমাণিত কৰিছে। সামাজিক মাধ্যমত শচীনতকৈ অধিক অনুৰাগী থাকিলেও প্ৰকৃততে শচীনেই আজিৰ তাৰিখত অধিক জনপ্ৰিয়।

ইপালে পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইমৰান খানো এই তালিকাত আছে। পাকিস্তানৰ হৈ বিশ্বকাপ জয় কৰা একমাত্ৰ অধিনায়ক ইমৰান তেওঁৰ দেশৰ অন্যতম সফল ক্ৰিকেটাৰ। কিন্তু তেওঁ বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী। সেয়েহে তেওঁক এই তালিকাত খেলুৱৈৰ পৰিৱৰ্তে এজন ৰাজনৈতিক নেতা হিচাপেহে স্থান দিয়া হৈছে।ইমৰান খানে তালিকাৰ ১৭ সংখ্যক স্থান দখল কৰিছে।

মানচেষ্টাৰ ইউনাইটেড আৰু পৰ্তুগালৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো এই তালিকাৰ ৪ নম্বৰত আছে। ৰোনাল্ডোৱে শেহতীয়াকৈ ৮০০ টা গ’ল কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। মানচেষ্টাৰ ইউনাইটেডৰ ষ্ট্ৰাইকাৰজনে শেহতীয়াকৈ আৰ্চেনেলৰ বিৰুদ্ধে ২ টাকৈ গ’ল কৰাৰ পিছতেই এই কৃতিত্ব অৰ্জন কৰিছিল। ৰোনাল্ডোৱে পৰ্তুগালৰ হৈ ইউৰো ২০২০ ত গোল্ডেন বুটো জয় কৰিছিল।

আনহাত আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ তথা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ খেল পথাৰৰ আটাইতকৈ বৃহত প্ৰতিদ্বন্দী হিচাপে বিবেচিত লিঅ’নেল মেছি তালিকাৰ ৭ম স্থানত আছে। মেছিয়ে শেহতীয়াকৈ ইতিহাস সৃষ্টিৰে সপ্তমবাৰৰ বাবে বেলন ডি অ’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১৫ আৰু ২০১৯ চনত এই বঁটা লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments