Tuesday, October 4, 2022
HomeNewsশচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভাঙিব পৰা একমাত্ৰ ক্ৰিকেটাৰজন

শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভাঙিব পৰা একমাত্ৰ ক্ৰিকেটাৰজন

১৯৮৮ চনৰ পাঁচ নৱেম্বৰত দিল্লীৰ এটি পাঞ্জাৱী পৰিয়ালত তেওঁৰ জন্ম৷ অভূতপূৰ্ব বেটিং স্কিল আৰু টেকনিকৰ কাৰণে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সকলৰ শাৰীত তেওঁক স্থান দিয়া হয়৷ কোনো ক্ৰিকেটানুৰাগীৰে এই ক্ষেত্ৰত সন্দেহ নাই যে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড যদি কোনোবাই ভাঙিব পাৰে সেয়া একমাত্ৰ তেওঁৰ দ্বাৰাহে সম্ভৱ৷হয়, বিৰাট কোহলিৰ কথাকে কবলৈ লৈছো ইয়াত ৷ এদিনীয়া, টেষ্ট ক্ৰিকেট, টি টুৱেণ্টি এই তিনিটা সংস্কৰণতেই ভাৰতীয় দলৰ নেতৃত্বত আছে তেওঁ৷ কোহলিৰ পিতৃ প্ৰেম কোহলি পেছাত এগৰাকী আইনজীৱি আৰু মাতৃ সৰোজ কোহলি গৃহিণী৷ বিশাল ভাৰতী পাব্লিক স্কুলত শিক্ষা জীৱনত পাতনি মেলে কোহলিয়ে৷ ১৯৯৮ চনত পশ্চিম দিল্লী ক্ৰিকেট একাডেমীত ৰাজকুমাৰ শৰ্মাৰ তত্বাৱধানত ক্ৰিকেটৰ অ, আ, ক, খ শিকিবলৈ আৰম্ভ কৰে বিৰাটে৷ অৱশ্যে ক্ৰিকেটৰ সৈতে বিৰাটৰ প্ৰেম সৰুৰে পৰাই৷ ৩ বছৰ বয়সতেই ক্ৰিকেটৰ বেটৰ সৈতে পৰিচয় হৈছিল কোহলিৰ৷ ২০০৬ ৰ জুলাই মাহত অনুদ্ধ-১৯ ভাৰতীয় দল স্থান লাভ কৰে কোহলিয়ে৷ সেইবাৰ ইংলেণ্ড ভ্ৰমণ কৰিছিল ভাৰতীয় দলটোৱে৷ ভ্ৰমণত খেলা ৫০ অভাৰৰ ৩ খন মেচত কোহলিৰ বেটিং গড় ১০৫৷ তদুপৰি ৩ মেচৰ টেষ্ট ছিৰিজত বেটিং গড় ৪৯৷ তেওঁৰ এই প্ৰদৰ্শনৰ বাবেই এদিনীয়া আৰু টেষ্ট শৃংখলা দুয়োটাতে জয়লাভ কৰে ভাৰতে৷ সেই প্ৰতিভা দেখি তেতিয়াই দলটোৰ প্ৰশিক্ষক হিচাপে যোৱা লালচন্দ ৰাজপুতে কোহলি ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলৰ ভৱিষ্যতৰ নায়ক বুলি অভিহিত কৰিছিল৷ সেই বছৰৰে ছেপ্তেম্বৰত পাকিস্তান ভ্ৰমণ কৰা অনুদ্ধ-১৯ ভাৰতীয় দলৰ  সদস্য আছিল তেওঁ৷ টেষ্টত বেটিং গড় আছিল ৫৮ আৰু এদিনীয়াত ৪১.৬৬৷ সেই বছৰৰে নৱেম্বৰত দিল্লীৰ হৈ তামিলনাডুৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেট আৰম্ভ কৰে তেওঁ৷ তামিলনাডুৰ বিৰুদ্ধে ব্যৰ্থ হ’লেও কৰ্ণাটকৰ বিৰুদ্ধে ৯০ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে কোহালিয়ে৷ ২০০৬ ৰ ১৮ ডিচেম্বৰত মৃত্যু হয় তেওঁৰ পিতৃৰ৷

২০০৮ ত অনুদ্ধ ১৯ ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় কোহলি৷ সেইবছৰ মালয়েছিয়াত আই চি চি অনুদ্ধ ১৯ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হৈছিল৷ টুৰ্ণামেণ্টত কোহলিৰ বেটিং গড় আছিল ৪৭৷ একে বছৰৰে আগষ্ঠত ভাৰতৰ এদিনীয়া জাতীয় দললৈ নিমন্ত্ৰণ লাভ কৰে কোহলিয়ে৷ সেইবাৰ শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় দলৰ দুই অপেনাৰ শচীন, সেহৱাগ আঘাত প্ৰাপ্ত হোৱাৰ বাবে হঠাৎ দললৈ আমন্ত্ৰণ লাভ কৰে কোহলিয়ে৷ এই পৰ্যন্ত তেওঁ ২৫৪ খন এদিনীয়াৰ পৰা সংগ্ৰহ কৰিছে ১২,১৬৯ ৰাণ৷ গড় ৫৯.জ্জ৷ যত আছে ৪৩ টা শতৰাণ ৬২ টা অৰ্ধ শতৰাণ৷ এদিনীয়াত তেওঁৰ সৰ্বাধিক ৰাণ সংগ্ৰহ ১৮৩ ৰাণ৷ পাকিস্তানৰ বিৰুদ্ধে৷ আনহাতে টেষ্ট কেৰিয়াৰত কোহলিৰ সৰ্বাধিক ৰাণ সংগ্ৰহ অপৰাজিত ২৫৪ ৰাণ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে৷ এই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেই তেওঁৰ টেষ্ট কেৰিয়াৰ আৰম্ভ৷ টেষ্টত কোহলিৰ শতৰাণৰ সংখ্যা ২৭, অদ্ধৰ্শতৰাণ ২৫ টা৷ তদুপৰি টেষ্টত তেওঁ সাতটা দ্বি-শতৰাণৰ ইনিংছ খেলিছে৷ এতিয়ালৈ ৯২ খন টেষ্টত অংশ লৈছে কোহলিয়ে৷ আনহাতে ৯০ খন টি-২০ ৰ পৰা কোহলিয়ে ৫২.৬৫ গড়ে সংগ্ৰহ কৰিছে ৩,১৫৯ ৰাণ৷ সৰ্বাধিক অপৰাজিত ৯৪ ৰাণ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে৷ টি-২০ ত মুঠ ২৮ টা অৰ্ধশতৰাণৰ ইনিংছ খেলিছে কোহলিয়ে৷ ২০১০ ত জিম্বাৱেৰ বিৰুদ্ধে তেওঁৰ টি-২০ ক্ৰিকেটত অভিষেক৷ কেৱল সেয়াই নহয় ইণ্ডিয়ান প্ৰীমিয়াৰ লীগটো বিৰাট কোহলিৰ প্ৰদৰ্শন অতিকৈ চকুত লগা৷ ২০০৮ চনৰ পৰা আৰম্ভ হোৱা আই পি এলত এতিয়ালৈ ৬০০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে৷ আই পি এলত কোহলিয়ে ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ হৈ অংশ গ্ৰহণ কৰে৷ ২০১৩ ত বলিউদ কন্যা অনুস্কা শৰ্মাৰ সৈতে হিয়া দিয়া নিয়া আৰম্ভ হয় কোহলিৰ৷ এটা ছেম্পোৰ বিজ্ঞাপনৰ শ্বুটিঙৰ পৰা আৰম্ভ হোৱা তেওঁলোকৰ প্ৰেমে পূৰ্ণতা পায় ২০১৭ ৰ ১১ ডিচেম্বৰত৷ দুটা ভিন ভিন ক্ষেত্ৰৰ দুইগৰাকী তাৰকা যুটি বিৰাস্কা নামৰেও পৰিচিত৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments