Tuesday, October 4, 2022
HomeNewsপ্ৰবৰ্জিত শ্ৰমিকক নিজে ৰন্ধা খাদ্যৰ যোগান ধৰিলে বীৰেন্দ্ৰ সেৱাগে

প্ৰবৰ্জিত শ্ৰমিকক নিজে ৰন্ধা খাদ্যৰ যোগান ধৰিলে বীৰেন্দ্ৰ সেৱাগে

অলিম্পিয়া বাৰ্তা

সাম্প্ৰতিক পৰিস্থিতিত দেশৰ প্ৰবৰ্জিত শ্ৰমিক সকলৰ দুখ দুৰ্দশাই চৰম সীমা চুইছেগৈ। প্ৰতিদিনে দেশৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰবৰ্জিত শ্ৰমিকসকলৰ দুৰ্ভোগৰ কথা পোহৰলৈ আহিছে। বলিউডৰ অভিনেতা চনু ছুডে দেশৰ ভিন্ন প্ৰান্তলৈ প্ৰবৰ্জিত শ্ৰমিকসকলক যোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ কথা সৰ্বজনবিদিত।

এতিয়া প্ৰবৰ্জিত শ্ৰমিকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগ। বীৰেন্দ্ৰ সেৱাগে তেওঁৰ ঘৰতে নিজ হাতে খাদ্য ৰান্ধি পেকেজ কৰি সেইসমূহ শ্ৰমিকসকলক যোগান ধৰিছে। সেই কথা তেওঁ টুইটাৰ যোগেদি নিজে ব্যক্ত কৰিছে। টুইটাৰত খাদ্যসমূহ পেকেজিং কৰি থকা ফটোৰ সৈতে সেৱাগে লিখিছে যে এনে কঠিন সময়ত নিজ হাতে তৈয়াৰ কৰা খাদ্য দুৰ্দশাগ্ৰস্ত প্ৰবৰ্জিত শ্ৰমিকসকলক যোগান ধৰাৰ সুখ আন একোৰে সৈতে তুলনা নহয়। তেওঁ টুইটাৰৰ জৰিয়তে এনেদৰে খাদ্যৰ যোগান ধৰিবলৈ ইচ্ছুকসকলক বীৰেন্দ্ৰ সেৱাগ ফাউণ্ডেচনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments