অলিম্পিয়া প্ৰতিবেদন
অষ্ট্ৰেলিয়া অভিমুখী ভাৰতীয় দলত আঘাতৰ সমস্যাৰ বাবে স্থান লাভ নকৰা ৰোহিত শৰ্মাক লৈ আজিও অব্যাহত আছে চর্চা। আঘাতৰ সমস্যাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাখনো মেচত ভাগ লোৱা নাই তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।
ইপিনে, আঘাতৰ সমস্যাৰ দোহাই দি বি চি চি আইৰ নিৰ্বাচকমণ্ডলীয়েও তেওঁৰ নাম অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত নকৰিলে। কিন্তু মুম্বাই ইণ্ডিয়ানছৰ দলীয় কৰ্তৃপক্ষই কৰা এটা টুইটক লৈ আজিও অব্যাহত আছে চর্চা।
টুইটটোত ৰোহিতৰ অনুশীলনৰ ফটো দেখুওৱাৰ লগতে শীঘ্ৰেই দললৈ প্ৰত্যাৱৰ্তনৰো ইংগিত দিয়া দেখা পোৱা গৈছিল। ইয়াৰ লগে লগে বহুতে প্ৰশ্ন উত্থাপন কৰিছে যদি অনুশীলন কৰিব পৰাকৈ ৰোহিত সুস্থই, তেন্তে তেওঁক দললৈ নিৰ্বাচিত কৰা ন’হল কিয়?
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও এই লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ বি চি চি আইক ৰোহিতৰ আঘাত সম্পৰ্কে স্পষ্টকৈ বিবৃতি দিবলৈ আহ্বান জনাইছে।
সুনীল গাভাস্কাৰৰ পিছত এইবাৰ আন এগৰাকী প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ সেৱাগেও একেই দাবী উত্থাপন কৰি কৈছে যে মুম্বাই ইণ্ডিয়ানছ দলে ৰোহিতৰ আঘাত সম্পৰ্কে বিবৃতি আগবঢ়োৱা উচিত। তেওঁ তাৰ লগতে প্ৰশ্ন কৰে যে ৰোহিত শৰ্মা যদি আঘাতপ্ৰাপ্তই হয়, তেন্তে তেওঁ ষ্টেডিয়ামত কি কৰি আছে। ক্ৰিকবাজ নামৰ ৱেবচাইটটোৰে হোৱা কথাবাৰ্তাত এইদৰে উল্লেখ কৰে এসময়ৰ বিস্ফোৰক বেটছমেনজনে।