কোভিড-১৯ ৰ সাহাৰ্য্যাথে বিৰূষ্কাৰ সংগ্ৰহ ১১ কোটিৰো অধিক টকা

অলিম্পিয়া প্রতিবেদন

দেশ এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। কৰোনা মহামাৰীৰ কৱলত দেশৰ স্বাস্থ্যখণ্ড প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত। এনে এক সময়তে কৰোনাত আক্ৰান্তসকলৰ সহায়ৰ বাবে পূৰ্বৰ দৰেই আগবাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মা। কেট্ট’ নামৰ বেচৰকাৰী সংস্থা এটাৰ জৰিয়তে দেশৰ কৰোনা আক্ৰান্ত সকলৰ বাবে সাহাৰ্য্য যোগান ধৰা কোহলি আৰু অনুষ্কাৰ আহ্বানত বহুজনে এই সাহাৰ্য্য পুঁজিলৈ ধনৰাশি আগবঢ়ায়।

কোহলি আৰু অনুষ্কাই নিজেও দুই কোটি টকাৰ সাহাৰ্য্য আগবঢ়োৱা এই পুঁজিত এটা সপ্তাহত প্ৰায় ১১ কোটি টকা জমা হয়। ‘In this together’ শীৰ্ষক মূলমন্ত্ৰৰে আৰম্ভ কৰা এই সাহাৰ্য্য অভিযানে এসপ্তাহ সম্পূৰ্ণ কৰাৰ পিছতেই ক্ৰিকেটাৰগৰাকীয়ে সাহাৰ্য্য পুঁজিলৈ অনুদান আগবঢ়োৱা প্ৰতিগৰাকীকে কৃতজ্ঞতা প্ৰকাশ কৰে।

জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰত কোহলিয়ে এই বিষয়ে উল্লেখ কৰি কয় যে জনসাধাৰণৰ এনে অভূতপূৰ্ব সঁহাৰিয়ে তেওঁক আহ্লাদিত কৰি তুলিছে। দুৰ্যোগৰ এই সময় সকলোৱে মিলি সুকলমে পাৰ কৰাৰ আশা কৰে ৰান মেচিন ৰূপে খ্যাত ক্ৰিকেটাৰগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *