Tuesday, October 4, 2022
HomeNewsবিশাখাপট্টনমৰ গেছ নিৰ্গমনৰ ঘটনা:কোহলিকে আদি কৰি ক্ৰীড়াবিদৰ সমবেদনা

বিশাখাপট্টনমৰ গেছ নিৰ্গমনৰ ঘটনা:কোহলিকে আদি কৰি ক্ৰীড়াবিদৰ সমবেদনা

অলিম্পিয়া বাৰ্তা

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আজি পুৱতি নিশা হোৱা এটা গেছ নিৰ্গমনৰ ঘটনাত বৰ্তমানলৈ বহুকেইজন লোক নিহত হোৱাৰ লগতে হাজাৰৰো অধিক লোক অসুস্থ হৈ পৰিছে। বিশাখাপট্টনমৰ এল জি প’লিমাৰ নামৰ এটা কোম্পানীৰ পৰা ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ লগে লগে দাঁতি কাষৰীয়া অঞ্চললৈ এই গেছ বিয়পি পৰাত ১৩ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগত পৰে।

হৃদয় বিদাৰক এই ঘটনা সন্দৰ্ভত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰাট কোহলীকে আদি কৰি বহুকেইজন ক্ৰীড়াবিদে।

ঘটনা সন্দৰ্ভত টুইটাৰত বিৰাটে কয়, ” বিজাগ গেছ নিৰ্গমনৰ ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। ইয়াৰ ফলত অসুস্থ হৈ পৰা লোক সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। “

বিৰাট কোহলীৰ উপৰিও ক্ৰিকেটাৰ যুৱৰাজ সিং, ৰৱিচন্দ্ৰন অশ্বিন, ঋসভ পন্ট, শিখৰ ধাৱানেও ক্ষতিগ্ৰস্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

যুৱৰাজ সিঙৰ টুইটটো
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments