Monday, October 3, 2022
HomeNewsব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰস্তুতি সম্পূৰ্ণ

ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ প্ৰস্তুতি সম্পূৰ্ণ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসম ভলীবল মিছন-১০০ৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ ছুপাৰ লীগৰ খেলসমূহ অহা ২ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই মৰ্মে ২ এপ্ৰিলত দলসমূহক পুৱাৰ ভাগতে দুলীয়াজানত উপস্থিত হোৱাৰ বাবে আহ্বান জনোৱা হৈছে । সেইদিনা বিয়লি ২ বজাত ছুপাৰ লীগৰ শুভাৰম্ভ কৰা হ’ব । ছুপাৰ লীগত ১৪ বছৰ অনূৰ্ধৰ ল’ৰাৰ ৮ টা আৰু ছোৱালীৰ ৮ টা দলে অংশগ্ৰহণ কৰাৰ লগতে ২১ বছৰ অনূৰ্ধৰ ল’ৰাৰ ৮ টা আৰু ছোৱালীৰ ৮ টা মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিব । ছুপাৰ লীগৰ খেলসমূহ দুলীয়াজানৰ বিভিন্ন ঠাইত ইতিমধ্যে ৬ খন খেলপথাৰ সাজু কৰোৱা হৈছে । প্ৰতিদিনে খেলসমূহ পুৱা আৰু আবেলি ২ বজাৰ পিছত অনুষ্ঠিত হ’ব আৰু প্ৰতিখন খেলপথাৰতে লাইটৰ ব্যৱস্থা থাকিব । দলসমূহৰ থকা ঠাই আৰু খোৱাৰ ব্যৱস্থা দুলীয়াজানতে কৰা হৈছে বুলি অসম ভলীবল মিছন-১০০ৰ মুখ্য উদ্যোক্তা তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই জানিবলৈ দিছে । ১৬ বছৰ অনূৰ্ধৰ ছেমিফাইনেল ৫ এপ্ৰিলত আৰু ৬ এপ্ৰিলত চুড়ান্ত খেল অনুষ্ঠিত কৰা হ’ব । একেদৰে ২১ বছৰ অনূৰ্ধৰ ছেমি ফাইনেল ৬ এপ্ৰিলত আৰু ৭ এপ্ৰিলত চুড়ান্ত খেলখন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments