Friday, September 30, 2022
HomeNewsৰাজ্যপালৰ ছোৱালী ভলীবল মিছনৰ শুভাৰম্ভ: জ্ঞান, বিকশিত আৰু সুৰক্ষিত সমাজ গঢ়াৰ পোষকতা...

ৰাজ্যপালৰ ছোৱালী ভলীবল মিছনৰ শুভাৰম্ভ: জ্ঞান, বিকশিত আৰু সুৰক্ষিত সমাজ গঢ়াৰ পোষকতা পৃথ্বীভূষণ ডেকাৰ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

বিগত এবছৰ আগতে ৰাজ্যপালে অসমৰ ছোৱালী ভলীবল দলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি “ছোৱালী ভলীবল মিছন” নামেৰে এক আঁচনি ৰূপায়ন কৰিছিল । সেই মৰ্মে নলবাৰীৰ ১৩২ খন বিদ্যালয়ত জিলা ক্ৰীড়া বিষয়াৰ জড়িয়তে দুটাকৈ ভলীবল আৰু এখনকৈ নেট প্ৰদান কৰিছিল । উদ্যেশ্য আছিল বিদ্যালয়ৰ ছোৱালীসকলক ভলীবলৰ জড়িয়তে উত্তৰণ ঘটোৱা । কিন্তু বিশ্বত্ৰাস ক’ৰোণা মহামাৰীৰ বাবে আঁচনিখনৰ কাম স্থবিৰ হৈ পৰিছিল । ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি পুনৰ আঁচনিখনৰ তৎপৰতা সৰ্বত্ৰে বৃদ্ধি পাইছে । সেইমৰ্মে শুকুৰবাৰৰ পুৱা ৯ বজাত নলবাৰী জিলাৰ আল্লিয়া বালিকা এম ই স্কুলত আঁচনি খনৰ শুভ উদ্ধোধন কৰে অসম ভলীবল সন্থাৰ সহ সম্পাদক দীপক কুমাৰ দাসে । তেওঁ আঁচনিখন উদ্বোধন কৰি ভলীবলৰ জড়িয়তে বিদ্যালয়সমূহৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰি সুস্থ দেহ আৰু সুস্থ মন গঢ়ি তুলি মানৱ সম্পদ গঢ়াৰ যি পৰিকল্পনা ৰাজ্যপালে গ্ৰহণ কৰিছে তাৰ বাবে তেওঁ ৰাজ্যপালক ধন্যবাদ জনাই আঁচনি খনৰ সফল ৰূপায়নৰ আশা প্ৰকাশ কৰে । আনহাতে বিয়লি ৩ বজাত মিলন এম ই স্কুলত উক্ত আঁচনি খনৰ শুভ উদ্ধোধন কৰে গ্ৰাম্য বিকাশ মঞ্চ, বৰবৰীৰ সভাপতি পৃথ্বিভূষণ ডেকাই । তেওঁ উক্ত আঁচনিৰ জড়িয়তে জ্ঞান বিকশিত আৰু সুৰক্ষিত সমাজৰ আশা প্ৰকাশ কৰে । ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই আঁচনিৰ বিতং তথ্য দাঙি ধৰি আটায়েৰে সহযোগিতা কামনা কৰে । ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী তথা শাৰিৰীক নিৰ্দেশক গৌতম কলিতাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে জিলা সমন্বয়ক, শাৰিৰীক নিৰ্দেশক, দেৱজিৎ ডেকা, শাৰিৰীক নিৰ্দেশক ৰমেন দত্ত, বিপুল কুমাৰ সাউদ, নাচেৰ আলী, নৱ কলিতা, সঞ্জীৱ মিশ্ৰ, ধৰণী বসুমতাৰী, দেৱেশ ডেকা । উল্লেখ্য যে এমাহ ধৰি উক্ত প্ৰশিক্ষণ শিবিৰ বিদ্যালয় দুখনত চলি থাকিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments