Friday, September 30, 2022
HomeNewsবজালী ভলীবল ক'চিং চেণ্টাৰত এদল শিশুৰ ক'লৰৱ

বজালী ভলীবল ক’চিং চেণ্টাৰত এদল শিশুৰ ক’লৰৱ

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

২০০১ চনতে বৰপেটা জিলাৰ সাউৰাত “বজালী ভলীবল ক’চিং চেণ্টাৰ” নামেৰে এক ভলীবল প্ৰশিক্ষণ শিবিৰৰ জন্ম দিছিল অসমৰ জনপ্ৰিয় জেষ্ঠ ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাই । জন্ম লগ্নৰে পৰাই উক্ত প্ৰশিক্ষণ শিবিৰৰ পৰা একাধিক ভলীবল খেলুৱৈয়ে বজালী জিলা দলক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই অনাৰ লগতে কেইবাগৰাকীও খেলুৱৈয়ে অসম দলৰ জাৰ্চী পিন্ধাৰ গৌৰৱ অৰ্জন কৰিছিল । ২০১৫ চনলৈ নিয়মীয়াভাৱে চলি থকা প্ৰশিক্ষণ শিবিৰটো বিভিন্ন কাৰণত বন্ধ হৈ আছিল । যাৰ বাবে প্ৰতিভাৱান খেলুৱৈসকল অনুশীলনৰ পৰা বঞ্চিত হ’ব লগা হৈছিল । এই কথা অনুধাৱণ কৰিয়েই সাউৰাৰ কেইজনমান উদীয়মান যুৱকৰ তাগিদাত পুনৰ দেওবাৰৰ পৰা বজালী ভলীবল ক’চিং চেণ্টাৰত অনুশীলন আৰম্ভ কৰা হৈছে । বিশেষকৈ হেমেন কলিতাৰ শ্ৰম এই ক্ষেত্ৰত অনস্বীকাৰ্য । এই কাৰ্য্যত গোটেই সাউৰা অঞ্চলটোতে এক অনাবিল পৰিবেশ গঢ়ি উঠিছে । প্ৰায় ৬০ গৰাকী খেলুৱৈক বৰ্তমান প্ৰশিক্ষণ দি আছে হেমেন কলিতা, উৎপল চৌধুৰী, মুকেশ শৰ্মা, ধ্ৰুৱ ৰয় আদি প্ৰাক্তন খেলুৱৈয়ে । পুনৰ ভলীবলৰ অনুশীলন আৰম্ভ হোৱাত খেলুৱৈসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে । ২৭ মাৰ্চৰ বিয়লি ৩ বজাত প্ৰশিক্ষণ শিবিৰটোত উপস্থিত হয় অসম ভলীবল সন্থাৰ সহ সম্পাদক তথা নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবল বিভাগৰ সম্পাদক দীপক কুমাৰ দাস । তেওঁ বজালী জিলাত অসমৰ ভলীবল জগতত এক সুকীয়া স্থানৰ কথা উল্লেখ কৰি সাউৰা অঞ্চলৰ ভলীবল খেলুৱৈৰ এক সুকীয়া মৰ্যাদা থকাৰ কথা উনুকিয়াই বজালী ভলীবল প্ৰশিক্ষণ শিবিৰ পুনৰ আৰম্ভ হোৱাত সন্তোষ প্ৰকাশ কৰি উদ্যোক্তাসকলক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁৰ লগত উপস্থিত থাকে বজালী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক গজেন শৰ্মা আৰু সাউৰা কৃষক সংঘৰ উপ সভাপতি হিৰেণ ঠাকুৰীয়া । পাঠশালাৰ বিশিষ্ট যুৱ ব্যৱসায়ী অশোক আগৰৱালাই খেলুৱৈসকললৈ প্ৰদান কৰা সাজ-পোছাক উদ্যোক্তাসকলে খেলুৱৈৰ মাজত বিতৰণ কৰে । ক’চিং চেণ্টাৰটোৰ মুখ্য উদ্যোক্তা উৎপল চৌধুৰীয়ে অচিৰেই তাত ভলীবল প্ৰতিযোগিতা এখন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments