Friday, September 30, 2022
HomeNewsপকোৱাত আমন্ত্ৰণমূলক দিবা-নৈশ ভলীবল

পকোৱাত আমন্ত্ৰণমূলক দিবা-নৈশ ভলীবল

নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ

নলবাৰী জিলাৰ অন্যতম ক্ৰীড়া সংগঠন নিজ পকোৱা সুনীতি সংঘৰ উদ্যোগত অহা ১০ এপ্ৰিলত তাঁতিপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গন, নিজ পকোৱাত ১৯ সংখ্যক প্ৰয়াত কাৰ্ত্তিক বৈশ্য আৰু বীৰেণ দত্ত সোঁৱৰণী আমন্ত্ৰনমূলক প্ৰাইজমানি দিবা-নৈশ পুৰুষ আৰু মহিলা ভলীবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে । পুৰুষ দলত অংশগ্ৰহণ কৰিব–বকো, তামুলপুৰ, পূব নলবাৰী ক’চিং চেণ্টাৰ, নলবাৰী ভলীবল ক’চিং চেণ্টাৰ, নিজ পকোৱা সূনীতি সংঘ । মহিলা দলত অংশগ্ৰহণ কৰিব পূব নলবাৰী ক’চিং চেণ্টাৰ, বৰবৰী ভলীবল ক’চিং চেণ্টাৰ আৰু নিজ পকোৱা সূনীতি সংঘই । পুৰুষৰ প্ৰথম পুৰস্কাৰ ৭,৫০০ আৰু দ্বিতীয় পুৰস্কাৰ ৫,০০০ হেজাৰ টকাৰ লগতে চন্দ্ৰকান্ত সাউদ সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈক বঁটা প্ৰদান কৰা হ’ব । আনহাতে মহিলাৰ বাবে চেম্পিয়ন, ৰানাৰ্চআপ দলক নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে দূৰ্গাৰাম সাউদ সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈ বঁটা প্ৰদান কৰা হ’ব বুলি খেল পৰিচালনা সমিতিৰ সম্পাদক বিপুল কুমাৰ সাউদে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments