✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন
অহা ২৫–৩০ ডিচেম্বৰত পশ্চিমবংগৰ বৰ্ধমান জিলাৰ শ্ৰীঅৰবিন্দ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৪৭ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰাৰ বাবে অসমৰ ল’ৰা ছোৱালীৰ দল দুটা ঘোষণা কৰা হৈছে । অসম ভলীবল সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰকাশ বৰাই ঘোষণা অনুসৰি ল’ৰাৰ দলৰ খেলুৱৈসকল হ’ল– মৃত্যুঞ্জয় মহন্ত, মেহদী আলম, নুৰ আলম, প্ৰশান্ত ভূঞা, মানস প্ৰতীম দত্ত, সৌৰভ জ্যোতি কলিতা, বনমালি ডেকা, জংচৰ ব্ৰহ্ম, নীলকণ্ঠ তালুকদাৰ, স্বপ্নিল হাজৰিকা, বিনিত শইকীয়া, লক্ষ্যজিৎ কাকতি । দলটোৰ প্ৰশিক্ষক কৌশিক হাতীবৰুৱা আৰু মেনেজাৰ আটোৱাৰ হুছেইন । আনহাতে ছোৱালীৰ দলটোৰ খেলুৱৈ সকল হৈছে–গৌৰী চাংমাই, বীণা গগৈ, খিৰাশ্ৰি গগৈ, নেহা কুমাৰ চাহ, জয়শ্ৰী গগৈ, সংগীতা বৰা, বাবলী বৰা, দীক্ষা গগৈ, অৰ্চনা দাস, পূজা গগৈ, প্ৰিয়ঙ্কা কৈৰী, ছবনা চুলতানা । দলটোৰ প্ৰশিক্ষক ভাশ্যতী গগৈ আৰু মেনেজাৰ ডেইজী দাস । দল দুয়োটা ২৩ ডিচেম্বৰত ৰাওনা হ’ব ।