Sunday, October 2, 2022
HomeNewsৰাজ্যপালৰ ছোৱালী ভলীবল মিছনৰ বাবে নলবাৰী ক্ৰীড়া বিষয়াৰ প্ৰস্তুতি

ৰাজ্যপালৰ ছোৱালী ভলীবল মিছনৰ বাবে নলবাৰী ক্ৰীড়া বিষয়াৰ প্ৰস্তুতি

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

বিগত এবছৰ আগতে ৰাজ্যপালে অসমৰ ছোৱালী ভলীবল দলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি “ছোৱালী ভলীবল মিছন” নামেৰে এক আঁচনি ৰূপায়ন কৰিছিল । সেই মৰ্মে নলবাৰীৰ ১৩২ খন বিদ্যালয়ত জিলা ক্ৰীড়া বিষয়াৰ জড়িয়তে দুটাকৈ ভলীবল আৰু এখন নেট প্ৰদান কৰিছিল । উদ্দেশ্য আছিল বিদ্যালয়ৰ ছোৱালীসকলক ভলীবলৰ উত্তৰণ ঘটোৱা । কিন্তু বিশ্বত্ৰাস ক’ৰোণা মহামাৰীৰ বাবে আঁচনি খনৰ কাম স্থবিৰ হৈ পৰিছিল । ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি পুনৰ আঁচনি খনৰ তৎপৰতা চলিছে । সেইমৰ্মে মঙলবাৰে দিনৰ ১১ বজাত নিজ কাৰ্যালয়ত প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ, জ্যেষ্ঠ ৰাজ্যিক খেলুৱৈসকলৰ মাজত এখন সভা অনুষ্ঠিত হৈ যায় । উক্ত সভাত সভাপতিত্ব কৰে নলবাৰীৰ জিলা ক্ৰীড়া বিষয়াই । উদ্দেশ্য বাখ্যা কৰে শাৰিৰীক নিৰ্দেশক তথা ভলীবলৰ ৰাজ্যিক ৰেফাৰী বিপুল কুমাৰ সাউদে । ৫নং জ’নত নলবাৰীৰ লগতে আছে মৰিগাওঁ, কামৰূপ মেট্ৰো, কামৰূপ ৰুৰেল । নলবাৰীৰ ১৩২ খন বিদ্যালয়ত প্ৰায় ৩ মাহ ধৰি ৩৩ জন মাষ্টাৰ ট্ৰেইনাৰে ছোৱালীসকলক ভলীবলৰ প্ৰশিক্ষণ দিব । প্ৰাক্তন ৰাষ্ট্ৰীয় তথা জ্যেষ্ঠ ৰাজ্যিক ভলীবল খেলুৱৈসকলে এই মাষ্টাৰ ট্ৰেইনাৰৰ ভুমিকা পালন কৰিব বুলি জানিব পৰা গৈছে । এই সকল ট্ৰেইনাৰক মাননী হিচাপে কি দিব সেয়া এতিয়াও থিৰাং হোৱা নাই । অৱশ্যে নলবাৰীৰ খেলুৱৈসকলে খেল আৰু খেলুৱৈৰ স্বাৰ্থ উৰ্ধত ৰাখি মাননীৰ কথা অনুধাৱন নকৰি জিলা ক্ৰীড়া বিষয়া গৰাকীৰ অনুৰোধ আটায়ে মানি লৈছে । তিনিমহীয়া প্ৰশিক্ষণৰ অন্তত পঞ্চায়ত, ব্লক, জিলা পৰ্য্যায়ত প্ৰতিযোগিতা অনুষ্ঠিত কৰি চেম্পিয়ন দলক জ’নলৈ লৈ যোৱা হ’ব । জ’নৰ চেম্পিয়ন হোৱা দলক ষ্টেট লেভেল ইন্টাৰ জ’নলৈ প্ৰেৰণ কৰা হ’ব । ইন্টাৰ জ’নত চাৰিটা দলে অংশগ্ৰহণ কৰিব বুলি জিলা সমন্বয়ক, শাৰিৰীক নিৰ্দেশক, ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী দেৱজিৎ ডেকাই জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments