Sunday, October 2, 2022
HomeNewsঅসমৰ ভলীবল জগতত ৰাষ্ট্ৰীয় খেলুৱৈ জাকিৰ হুছেইনৰ দূৰ্দশাৰ বুজ ল'ব কোনে?

অসমৰ ভলীবল জগতত ৰাষ্ট্ৰীয় খেলুৱৈ জাকিৰ হুছেইনৰ দূৰ্দশাৰ বুজ ল’ব কোনে?

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

গ্ৰাম্যাঞ্চলৰ অতিকৈ জনপ্ৰিয় খেল ভলীবল । প্ৰায় প্ৰতিখন গাঁৱতে ভলীবলৰ একোখন খেলপথাৰ প্ৰত্যক্ষ কৰিব পাৰি । অতি কম খৰছত আৰু কম ঠাইতে খেলিব পৰা, আঘাটৰ বিশেষ সমস্যা নথকা, ফলাফলৰ বাবে ঘন্টাৰ পিছত ঘন্টা ৰৈ থাকিব নলগা, ওচৰৰ পৰা খেল বিধক প্ৰত্যক্ষ কৰিব পৰা কাৰকৰ বাবেই সম্ভৱত: ভলীবলৰ জনপ্ৰিয়তা সৰ্বাধিক । এনে এখন গাওঁ বিচাৰি পোৱা নাযাব য’ত ভলীবল খেলা নহয় । অৱশ্যে খেল খেলি জীৱন জীৱিকাৰ পথ নোপোৱাৰ বাবে বৰ্তমান সময়ত খেলুৱৈসকলে খেল খেলিবলৈ অনীহা প্ৰকাশ কৰা দেখা যায় । অসমত এনে বহুত খেলুৱৈ আছে যি সকলে ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলক কেইবাবাৰো প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে । কিন্তু দুখৰ বিষয় এই সকল খেলুৱৈৰ এতিয়া পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে । এই সকলৰ কৰ্ম সংস্থাপন নোহোৱাৰ বাবেই নৱ প্ৰজন্মৰ খেলুৱৈসকলে খেল খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে । যাৰ ফলত গ্ৰামাঞ্চলত ভলীবলৰ খেলপথাৰ আছে যদিও খেলুৱৈৰ অভাৱত খেলপথাৰ উকা হৈ পৰি ৰৈছে । তেওঁলোকৰ মতে অসমত খেল খেলি জীৱন জীৱিকাৰ পথ পাব নোৱাৰি, গতিকে অৱাবত সময় নষ্ট কৰাৰ পক্ষপাতি নহয় এই সকল প্ৰতিভাৱান খেলুৱৈ । কিয়নো তেওঁলোকে দেখা পাইছে খেল খেলি বাহ বাহ লোৱাৰ বাহিৰে নিজৰ জীৱনৰ বাবে একো কৰিব পৰা নাযায় । খেল এৰি দিয়াৰ পিছত জনপ্ৰিয় খেলুৱৈসকলে জীয়াই থকাৰ বাবেই সংগ্ৰাম কৰিব লগা হয় । দিন-হাজিৰা কৰা, পাণ-তামোলৰ দোকান দিয়া ইত্যাদিয়েই যেন খেলুৱৈসকলৰ ভবিষ্যৎ । গতিকে খেল খেলি জীৱনটোৰ বাবেই এই সকলে ৰিস্ক ল’ব নোখোজে । তেওঁলোকৰ এটাই প্ৰশ্ন–খেল খেলি পাম কি ? কামৰূপ জিলাৰ উখুৰা এখন সৰু গাওঁ । এই গাওঁখনতে বহু কেইজন ৰাষ্ট্ৰীয় পৰ্ষায়ৰ সূদক্ষ ভলীবল খেলুৱৈৰ জন্ম হৈছিল । তাৰে ভিতৰত জাকিৰ হুছেইন অন্যতম খেলুৱৈ আছিল । দেউতাক আজিমউদ্দিন আহমেদ আৰু মাক পিঞ্জিৰা বেগমৰ পুত্ৰ জাকিৰৰ জন্ম হৈছিল ১৯৭০ চনত । ১৯৮৬ চনৰ পৰা তেওঁ ভলীবল খেলা আৰম্ভ কৰে । নিজৰ সাহস আৰু একাগ্ৰতাৰ বাবে আন্তঃজিলা জুনিয়ৰ, ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাত জিলা দলক কেইবাবাৰো প্ৰতিনিধিত্ব কৰি জিলাৰ এজন মুখ্য খেলুৱৈ হিচাপে পৰিগণিত হৈছিল জাকিৰ আৰু ইয়াৰ সুবাদতে ১৯৯৪ চনত চিমলাত অনুষ্ঠিত ভাৰতীয় বিশ্ববিদ্যালয় ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ লগতে ১৯৯৫ চনত চণ্ডিগড়ত অনুষ্ঠিত নেচনেল স্কুল গেমছ ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলৰ হৈ অংশ গ্ৰহণ কৰাৰ গৌৰৱ অৰ্জন কৰে । জাকিৰৰ শ্বটবল স্মেছ কৰাৰ কৌশল আছিল অন্যান্য । ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সূদক্ষ খেলুৱৈ লিফটাৰ ইউচুফৰ লিফটত তীব্ৰ বেগেৰে ৰাণআপ লৈ হাততে বল স্মেছ কৰি আতাহ পাৰি দিয়া দৃশ্য অসমৰ খেলুৱৈয়ে পাহৰিব নোৱাৰিব । তীব্ৰ উত্তেজনাপূৰ্ণ খেলত জাকিৰৰ এটা স্মেচে খেলৰ গতি পথেই সলনি কৰি দিছিল । অসমৰ বিভিন্ন জিলাত খেল প্ৰদৰ্শন কৰি জাকিৰ হৈ পৰিছিল নায়ক । তেওঁৰ খেল উপভোগ কৰাৰ বাবেই দৰ্শক ৰাইজে খেলপথাৰ ভিৰ কৰিছিল । ৰাইজৰ মুখু মুখে এটাই নাম জাকিৰ কা। ইয়াৰ উপৰি তেওঁৰ এন চি চিতো উল্লেখনীয় সফলতা লাভ কৰিছিল । বিভিন্ন এন চি চি প্ৰতিযোগিতাত বঁটা আৰু মানপত্ৰ পাবলৈ সক্ষম হৈছিল । সি যি কি নহওক এনে এজন জনপ্ৰিয় ভলীবল খেলুৱৈৰ এতিয়া খবৰ ল’বলৈ কাৰো সময় নোহোৱা হ’ল । বৰ্তমান তেওঁৰ অৱস্থা অতি শোচনীয় । খেতিপথাৰত কাম কৰি, ছাগলীৰ ফাৰ্ম কৰি কোনোমতে ঘৰখন চলাই আছে । এসময়ৰ দূৰ্দান্ত খেলুৱৈ গৰাকীৰ এনে অৱস্থা হোৱাটো দূৰ্ভাগ্যজনক । ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্যৰ লগত একেলগে খেলিবলৈ পোৱাটো তেওঁ আজিও গৌৰৱৰ কাৰণ বুলি ভাবে । অধিনায়ক গৰাকীৰ নেতৃত্বতে অসমত চলি থকা অসম ভলীবল মিছন ১০০ ৰ অন্যতম সদস্য জাকিৰ । তেওঁ মিছন-১০০ ৰ তত্বাৱধানতে গাওঁত খেলুৱৈসকলক বিনা বেতনে প্ৰশিক্ষণ দি ভলীবলৰ উত্তৰণত সহায় আগবঢ়াই আহিছে । ইয়াৰ উপৰি যোৱা ৫-১১ মাৰ্চলৈ ভূৱনেশ্বৰ কলিংগ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৬৯ সংখ্যক (পুৰুষ,মহিলা) ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ মহিলা দলটোৰ প্ৰশিক্ষক হিচাপে জাকিৰে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ সক্ষম হৈছিল । দলটোৱে কোৱাৰ্টাৰ ফাইনেললৈ উত্তীৰ্ণ হৈছিল আৰু পুৰুষ দলটোৱে পোন প্ৰথম বাৰৰ বাবে ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰিছিল । খেল খেলি একো নাপালেও ভলীবল খেলক তেওঁ এতিয়াও শ্ৰদ্ধা কৰি আহিছে । যাৰ বাবে তেওঁ ন ন খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বহুত অভিভাৱকে আজিও তেওঁক সোধে– খেল খেলি কি হ’ব ? তেওঁৰ সহজ সৰল উত্তৰ একো নাপালেও খেলুৱৈ গৰাকীয়ে নিৰোগী স্বাস্থ্যবান হৈ থাকিব পাৰিব । সুস্থ সবল সমাজ গঢ়াত খেলুৱৈসকলে মুখ্য ভূমিকা পালন কৰিব পাৰিব । এই কথাকে সৰোগত কৰি বিভিন্ন কামৰ মাজতো দৈনিক খেল পথাৰলৈ অহাটো জাকিৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই ভাৱে । এই সকল খেলুৱৈৰ সংস্থাপনৰ বাবে চৰকাৰে বিশেষ আচনি প্ৰস্তুত কৰি জীৱন জীৱিকাৰ পথ মুকলি কৰি দিয়াৰ বাবে সচেতন ক্ৰীড়া সমাজে বিনম্ৰ অনুৰোধ জনাইছে । অন্যথা অসমৰ অতিকৈ জনপ্ৰিয় খেল ভলীবল ইতিসাহৰ গৰ্ভত নিঃশেষ হৈ যোৱাৰ উপক্ৰম ঘটিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments