অলিম্পিয়া প্ৰতিবেদন
ৰঙিয়াৰ কাষৰ বৰলেছাকোণা আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত জাৰুমাজত অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত কুমাৰপাটাৰ গ্লবেল ভলীবল কোচিং চেণ্টাৰ ( জি ভি চি চি ) দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । দেওবাৰে নৈশ লোকত অনুষ্ঠিত ফাইনেলত কুমাৰপাটাৰ গ্লবেল ভলীবল কোচিং চেণ্টাৰে নলবাৰীৰ নিজ পকোৱা দলক ১৫-৭,১৫-১৩ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয় । চূড়ান্ত মেচত জয়লাভ কৰা সুত্ৰে কুমাৰপাটাৰ দলটোৱে ট্ৰফীসহ ১০,০০১ টকা আৰু নিজ পকোৱাৰ দলটোৱে ৰাৰ্ণাছআপ সুত্ৰে ট্ৰফীসহ ৭,০০১ টকা লাভ কৰে । প্ৰতিযোগিতাখনত যোগদান কৰা আন দলৰ ভিতৰত আছিল কলমণি, কনিহা যুৱ সংঘ, কনিহা আৰু কুমাৰপাটা গাঁও । ছেমিফাইনেলত কুমাৰপাটা জি ভি চি চি দলে কনিহা দলক আৰু নলবাৰীৰ নিজ পকোৱা দলে কুমাৰপাটাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । খেলৰ অন্তত স্থানীয় শিল্পী ৰাজীৱ চৌধুৰী আৰু পৰাগ কাশ্যপৰ গীতে সন্ধিয়াটো উপভোগ্য কৰি তোলে । প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আয়োজন সমিতিৰ সভাপতি নৰেন ডেকা আৰু সম্পাদক দুৰ্গা কলিতাই সকলো ক্ৰীড়াপ্ৰেমীৰ লগতে ট্ৰফীদাতা বিশিষ্ট ব্যৱসায়ী সুভাষ বিশ্বাসক ধন্যবাদ জ্ঞাপন কৰে ।