Monday, October 3, 2022
HomeNewsবিশ্বনাথ শৰ্মা, বিমলা দেৱী সোঁৱৰণী সদৌ ভাৰত স্বৰ্ণকাপ ভলীবল

বিশ্বনাথ শৰ্মা, বিমলা দেৱী সোঁৱৰণী সদৌ ভাৰত স্বৰ্ণকাপ ভলীবল

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় ষ্টেট বেংকৰ যুটীয়া উদ্যোগত, মঙলদৈৰ হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত অষ্টম সংখ্যক বিশ্বনাথ শৰ্মা আৰু বিমলা দেৱী সোঁৱৰণী সদৌ ভাৰত আমন্ত্ৰণমূলক প্ৰাইজমানি স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা অহা ৪-৬ মাৰ্চত গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব । আয়োজক সন্থাৰ সাধাৰণ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাই এইকথা জানিবলৈ দিছে । এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দেশৰ কেইবাটাও আগশাৰীৰ দলক নিমন্ত্ৰণ জনোৱা হৈছে । ইয়াৰ ভিতৰত আছে আয়কৰ বিভাগ (কেৰেলা), ভাৰতীয় নৌ সেনা ( হায়দৰাবাদ), ডি এল ডব্লিও (বাৰাণসী), মণিপুৰ টি আৰ ওৱাই ভি চি, আৰ্মী আৰ টি লিটি চেণ্টাৰ ( হায়দৰাবাদ), সীমা সুৰক্ষা বল (জলন্ধৰ), নেডিয়ান্ট একাডেমী (গুজৰাট), উত্তৰ-পূব ৰেলৱে (গোৰখপুৰ), ইণ্ডো-তিব্বত সীমান্ত পুলিচ (চণ্ডীগড়), নৰ্থইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে, ব্ৰহ্মপুত্ৰ ভলীবল দল (অসম) । প্ৰতিযোগিতাখন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীক সভাপতি, হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কমিটি আৰু ১০ খন ছাব কমিটি গঠন কৰি দিয়া হৈছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments