Wednesday, May 25, 2022
HomeNewsধমধমা, পূব নলবাৰী চেম্পিয়ন

ধমধমা, পূব নলবাৰী চেম্পিয়ন

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

তামুলপুৰ ১৪ নং বিহাৰ আৰ্মী কেম্পৰ উদোগত সমাজত ক্ৰীড়াৰ জড়িয়তে শান্তি-শৃঙ্খলা অটুত ৰখাৰ বাবে বাগানপাৰা জুনিয়ৰ কলেজত যোৱা ২৩ তাৰিখৰ পৰা ল’ৰা-ছোৱালী উভয় শাখাতে প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত ১২ টা ল’ৰাৰ আৰু ৪ টা ছোৱালীৰ দলে অংশগ্ৰহণ কৰে । দেওবাৰে বিয়লি ২ বজাত ল’ৰাৰ চূড়ান্ত খেলত ধমধমা ভলীবল ক’চিং চেণ্টাৰে তামুলপুৰ ভলীবল ক’চিং চেণ্টাৰক ৩-২ ছেটত হৰুৱাই বিজয়ীৰ সন্মান লাভ কৰি নগদ ৩০ হেজাৰ টকা লাভ কৰে আৰু ফাইনেলিষ্ট দল তামুলপুৰে লাভ কৰে নগদ ২০ হেজাৰ টকা । শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ধমধমা দলৰ নীলকন্ঠ তালুকদাৰ । আনহাতে ছোৱালী শাখাত পূব নলবাৰী ক’চিং চেণ্টাৰে ভেৰগাও দলক হৰুৱাই চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি নগদ ২০ হেজাৰ টকা লাভ কৰাৰ বিপৰীতে ফাইনেলিষ্ট দলে লাভ কৰে নগদ ১০ হেজাৰ টকা । ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় পূব নলবাৰীৰ পূৰৱী কলিতা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments