Wednesday, October 5, 2022
HomeNewsৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ নগাঁৱৰ প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভণি

ৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ নগাঁৱৰ প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভণি

✍️নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

ৰাজ্যপালৰ ছোৱালী ভলীবল অভিযানৰ নগাঁও জিলাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান শুক্ৰবাৰে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বঢ়মপুৰ সমষ্টিৰ শিঙিয়া পোতনি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানত নগাঁও জিলা ক্ৰীড়া বিষয়া মানসপ্ৰতিম দাস মুখ্য অতিথিৰূপে উপস্থিত খেলুৱৈসকলৰ উপযোগী হোৱাকৈ ভাষণ ৰাখে । শাৰীৰিক শিক্ষা নিৰ্দেশক দিলীপ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও মহকুমা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন্দ্ৰ নাথ বৰা, শিঙিয়া পোতনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যাদৱ চন্দ্ৰ দাস, সমাজকৰ্মী জয়ৰাম শইকীয়া, সূৰ্য বৰা, এন আই এছ ভলীবল প্ৰশিক্ষক কান্তা সাহানী, শাৰীৰিক শিক্ষাৰ নিৰ্দেশক তথা যোগ গুৰু প্ৰভাত চন্দ্ৰ বৰা, গৌতম বৰুৱা, আৰ এম বৰা আদি উপস্থিত থাকি খেলুৱৈসকলৰ সৈতে মত-বিনিময়ৰে উৎসাহিত কৰে । প্ৰশিক্ষণত গ্ৰামাঞ্চলটোৰ ডেৰকুৰিৰো অধিক ছোৱালীয়ে ভাগ লয় ।উল্লেখ্য যে,এই ভলীবল প্ৰশিক্ষণ কাৰ্যসূচীয়ে জিলাখনৰ মুঠ ৩১৯ খন বিদ্যালয়ক সামৰি লৈছে বুলি জিলা ক্ৰীড়া বিষয়াই ভাষণ প্ৰসঙ্গত উল্লেখ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments