অলিম্পিয়া প্ৰতিবেদন
বৰপেটাত আৰম্ভ ভলীবল বিপ্লৱ।অসম দলৰ এগৰাকী প্ৰাক্তন খেলুৱৈৰ তত্বাৱধানত চলিছে এই ভলীবল বিপ্লৱ । নাম তেওঁৰ ধৰিত্রী দাস।অঞ্চলটোৰ বহু যুৱতীত ভলীবলৰ আদিপাঠ প্ৰদান কৰিছে এই প্ৰাক্তন খেলুৱৈয়ে।
সৰুৰে পৰা খেল ভালপোৱা ধৰিত্রীয়ে ১৯৯২ চনলৈকে গোলাঘাটৰ ছাই হোষ্টেলত থাকি প্ৰশিক্ষণ লৈছিল লং জাম্প, ট্ৰিপ’ল জাম্পৰ । কেইবাবাৰো এথলেটিকছত অংশ লৈ অসমলৈ সুনাম কঢ়িয়াই আনিছিল এইগৰাকী ধৰিত্রীয়ে । পিছে, বিভিন্ন কাৰণত ১৯৯৩ চনৰ পৰা ভলীবল ক্ষেত্ৰলৈ আহে ধৰিত্রী । চাৰিবাৰকৈ অসম ভলীবল দলৰ হৈ খেলাৰ অভিজ্ঞতা আছে তেওঁৰ ।
বৰ্তমান, বৰপেটাত ভলীবলৰ এক সুস্থ বাতাবৰণ সৃষ্টিত আগভাগ লৈছে ৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীয়ে । বিনা বেতনেৰে বিভিন্নজনক প্ৰশিক্ষণ দিছে ভলীবলৰ ।
বৰ্তমান সময়ত প্ৰায় ২৫ গৰাকী যুৱতীয়ে তেওঁৰ তত্বাৱধানত গ্ৰহণ কৰিছে ভলীবলৰ প্ৰশিক্ষণ ।উল্লেখযোগ্য যে, ১৬ বছৰ অনূৰ্দ্ধৰ বৰপেটাৰ ছোৱালী দলটোৱে তেওঁৰ নেতৃত্বতেই ২০২০ বৰ্ষৰ বহ্মপুত্র ভলীবল লীগত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।
ধৰিত্রীৰ এই যাত্রাত সহায় কৰিছে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত আৰম্ভ হোৱা “অসম ভলীবল মিচন-১০০” য়ে । নেট, বল আদি সামান্য সুবিধাৰে বৰপেটা চহৰত অৱস্থিত বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত চলাই গৈছে প্ৰশিক্ষণ কাৰ্য্যসূচী ।বৰপেটাৰ বহু দূৰ-দৰণিৰ যুৱতীসকলে অংশ লৈছে এই প্ৰশিক্ষণ কাৰ্য্যসূচীত ।
প্ৰায় ২০১৭ চনৰ পৰাই ধৰিত্রীয়ে এনেদৰে সম্পূৰ্ণ বিনামূলীয়াভাৱে ভলীবল প্ৰশিক্ষণ প্ৰদান কৰি আহিছে । পিছে চৰকাৰৰ পৰা উপযুক্ত সুবিধা লাভ কৰা নাই তেওঁ । ২০২০ বৰ্ষত চৰকাৰৰ দ্বাৰা অনুমোদিত ৫০ হেজাৰ টকাৰ এককালীন সাহাৰ্য্যৰ কেৱল মাত্ৰ ১৯ হেজাৰ টকাহে লাভ কৰিছে প্ৰশিক্ষক গৰাকীয়ে ।
ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত “অসম ভলীবল মিচন-১০০” য়ে অসমত সৃষ্টি কৰিছে এক ভলীবল বিপ্লৱৰ ।গাৱে-ভূঞে সোমাই থকা খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ দিয়াৰ যি প্ৰচেষ্টা তাত সাৰ-পানী যোগাইছে ধৰিত্রী দাসহতৰ দৰে প্ৰশিক্ষকসকলে ।
ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছে ধৰিত্রী দাসৰ দৰে ক্ৰীড়াবিদসকলে ক্ৰীড়া বিভাগৰ তৰফৰপৰা উপযুক্ত সন্মান লাভ কৰক । লগতে, বৰপেটাৰ দৰে অসমৰ সকলো অঞ্চলৰ পৰা এনে প্ৰশিক্ষণৰ দ্বাৰা জন্ম হওক তাৰকা ভলীবলাৰৰ।