Wednesday, May 25, 2022
HomeNewsনলবাৰী বৰবৰী খেলপথাৰত অনুষ্ঠিত আৱাসিক ভলীবল প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

নলবাৰী বৰবৰী খেলপথাৰত অনুষ্ঠিত আৱাসিক ভলীবল প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি

অলিম্পিয়া প্ৰতিবেদন

ভলীবল খেলাত ব্যস্ত এজাক কিশোৰ-কিশোৰী । নলবাৰীত ভলীবলৰ বতাহ । আৱাসিক ভলীবল প্ৰশিক্ষণ শিবিৰত নৱপ্ৰজন্মৰ খেলুৱৈৰ অংশগ্ৰহণ ।

ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে ক্ৰীড়াৰ পৰিবেশ । গাৱে-ভূঞে লুকাই আছে বহু সুপ্ত প্ৰতিভা । ক্ৰীড়াৰে জ্ঞানৰ অন্বেষণ, সুৰক্ষিত আৰু বিকশিত সমাজ নিৰ্মাণৰ লক্ষ্যৰে আৰম্ভ কৰা এক যাত্রাৰ অংশ হিচাপে নলবাৰীত আৰম্ভ হ’ল আৱাসিক ভলীবল প্ৰশিক্ষণ শিবিৰ । নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা আয়োজিত এই বিশেষ উদ্যোগ । বৰবৰীৰ অম্বিকাচৰণ ডেকা সোঁৱৰণী ক্ৰীড়াক্ষেত্রত বিগত মাহৰ ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সফল সামৰণি ঘটে ।অঞ্চলটোৰ প্ৰায় ৭০ গৰাকী প্ৰতিভাৱান কিশোৰ-কিশোৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয় এই শিবিৰত । ল’ৰাৰ প্ৰশিক্ষক হিচাপে আছিল হিমাচল প্ৰদেশৰ এন আই এছ প্ৰশিক্ষক আশিষ শৰ্মা আৰু ছোৱালীৰ প্ৰশিক্ষক আছিল কান্তা চাহানী ।
উল্লেখযোগ্য যে ১৫ দিনীয়া এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী দেৱজিৎ ডেকাৰ তত্বাৱধানত । এই শিবিৰতে প্ৰশিক্ষণত অংশ লোৱা প্ৰতিগৰাকী খেলুৱৈক পোছাকৰ লগতে এযোৰকৈ জোতা প্ৰদান কৰা হয়।


বুধবাৰে অনুষ্ঠিত শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথিভূষণ ডেকা, মঞ্চৰ সমূহ সদস্যৰ লগতে নলবাৰী জিলাৰ শাৰিৰীক নিৰ্দেশকসকল।


উল্লেখযোগ্য যে, বিগত কেইবাবছৰ জুৰি ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত “ব্ৰহ্মপুত্ৰ ভলীবল লীগ”ৰ জৰিয়তে অসমৰ গাৱে-ভূঞে আৰম্ভ হৈছে ভলীবল বিপ্লৱৰ । ইয়াৰ সামান্তৰালকৈ, নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চ আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰা এনে পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে। ৰাইজে আশা কৰিছে এনে প্ৰশিক্ষণ শিবিৰৰ পৰাই জাগ্ৰত হওক সুপ্ত প্ৰতিভা । জন্ম হওক ভলীবলৰ মহা তাৰকাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments