Monday, October 3, 2022
HomeNewsপাকিস্তান ক্ৰিকেটৰ ব্ৰাজিল

পাকিস্তান ক্ৰিকেটৰ ব্ৰাজিল

olympiasports.in

ব্ৰাজিলক কোৱা হয় ফুটবলৰ দেশ। বিশ্ব ফুটবলৰ কেইবাজনো কিম্বদন্তি ফুটবলাৰ এই ব্ৰাজিলৰ পৰাই সৃষ্টি হৈছে। বিশ্ব ফুটবলৰ জগতত ব্ৰাজিলৰ সফলতা ঈৰ্ষণীয়। ব্ৰাজিলৰ ফুটবলৰ আছে এক অন্য ছন্দ। যদি ফুটবলক বাদ দি ক্ৰিকেটৰ জগতখনলৈ আহোঁ তেন্তে কোনখন ক্ৰিকেট ৰাষ্ট্ৰক বাৰু ব্ৰাজিলৰ লগত তুলনা কৰিব পৰা যাব? অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিছ নে ভাৰত? ইংলেণ্ডক বাৰু পাৰিনে ক্ৰিকেটৰ ব্ৰাজিল বুলি কবলৈ?

এই প্ৰশ্নৰ উত্তৰ দিছে এগৰাকী পাকিস্তানী ক্ৰিকেটাৰে। পাকিস্তানৰ পূৰ্বৰ ক্ৰিকেটাৰ ৱাছিম আক্ৰামে নিজৰ দেশ পাকিস্তানক ক্ৰিকেটৰ ব্ৰাজিল বুলি উল্লেখ কৰিছে‌।

ৱাছিম আক্ৰামে নিজৰ ইউটিউব চেনেলত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ডিন জন্সৰ এক সাক্ষাৎকাৰ লোৱাৰ সময়ত এই মন্তব্য আগবঢ়াইছে। আক্ৰামৰ যুক্তি যে পাকিস্তানত অনেক ক্ৰিকেট প্ৰতিভা আছে। যাৰ বাবে পাকিস্তানক ক্ৰিকেটৰ ব্ৰাজিল বুলি ক’ব পাৰি।

আনহাতে অষ্ট্ৰেলিয়ানক্ৰিকেটাৰ ডিন জন্সে সাক্ষাৎকাৰটোত আক্ৰামৰ আগত কয় যে ‘ তোমালোকৰ দেশ প্ৰতিভাৰ কাৰখানা। অষ্ট্ৰেলিয়াত আমি ক‌ও যে পাকিস্তানত ইমানবোৰ প্ৰতিভা আছে , তেওঁলোকে সেই প্ৰতিভাবোৰ মাত্ৰ ব্যৱহাৰ কৰিব লাগে। পাকিস্তানী ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিভিন্ন ধৰণৰ টেকনিকৰ আবিৰ্ভাৱ কৰিছে। ৱকাৰ ইউনিছ, ছোয়েব আখতাৰৰ দৰে ফাষ্ট বলাৰ, আবদুল কাদিৰ , মুস্তাক আহমেদ আদিৰ দৰে বলাৰ এই পাকিস্তানৰ। এতিয়াও ভাল বলাৰ আছে।

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments