Tuesday, October 4, 2022
HomeNewsক'ভিড-১৯ : We Shall Over Come শীৰ্ষক গীত মুকলি

ক’ভিড-১৯ : We Shall Over Come শীৰ্ষক গীত মুকলি

অলিম্পিয়া বিশেষ

কৰ’না মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে সকলো চিকিৎসা কৰ্মীৰ পৰা আৰম্ভ কৰি জৰুৰীকালীন সেৱাৰ লগত জড়িত ব্যক্তিসকলৰো দায়িত্ব বৃদ্ধি পাইছে। সকলোৱে নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি কৰ’না মহামাৰীৰ বিৰুদ্ধে চলা যুজঁখনত বিজয়ৰ হাঁহি মাৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে। জৰুৰীকালীন সেৱাৰ লগত জড়িত হৈ কৰ’না মহামাৰীৰ বিৰুদ্ধে যুজঁ দি থকা সকলো ব্যক্তিলৈ কৃতজ্ঞতা প্ৰকাশ কৰি অসম অলিম্পিক সন্থাই প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ সংগীত।

YouTube player

অসম অলিম্পিক সন্থাই প্ৰস্তুত কৰি উলিওৱা We Shall Over Come শীৰ্ষক কৃতজ্ঞতা সূচক গীতটি আজি অসমৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিকৰ সভাপতিৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ অতিথি শালাত আনুষ্ঠানিকভাৱে মুকলি কৰে। গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী সংগীতা কাকতি, অনিৰ্বাণ দাস আৰু অনুস্কা বৰুৱাই। আনহাতে গীতটিৰ পৰিকল্পনা ৰাজীৱ প্ৰকাশ বৰুৱাৰ।

ব্ৰহ্মপুত্ৰ অতিথি শালাত অনুষ্ঠিত হোৱা কৃতজ্ঞতামূলক গীতটোৰ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়—
” ক’ভিড-১৯ ৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ মানৱ সমাজে ঐক্যবদ্ধ ভাৱে যুজঁ দিছে। আৰু আমিও অসমৰ বুকুত অসমৰ বৰাক,ব্ৰহ্মপুত্ৰ,পাহাৰ, ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগত আমি দৃঢ়তাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছোঁ। এই যুজঁত আমি নিশ্চিতভাৱে জয়ী হম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমাক লকডাউন কাৰ্যসূচীৰ যোগেদি সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিস্কাৰ কৈ থাকি শৃংখলাবদ্ধ ভাবে লকডাউন কাৰ্যসূচী পালন কৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিগৰাকী ব্যক্তিক ৰক্ষা কৰাৰ বাবে যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি সহাৰি জনাই আমি অসমৰ ৰাইজে লকডাউন কাৰ্যসূচী পালন কৰি আহিছোঁ। চতুৰ্থ পৰ্যায়ৰ লকডাউন কাৰ্যসূচীত এতিয়া আমি প্ৰৱেশ কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে যোৱা তিনিটা পৰ্যায়ৰ লকডাউন কাৰ্যসূচীত যি শৃংখলাবদ্ধতা প্ৰদৰ্শন কৰিলে, যি নিষ্ঠা, যি মনোবল তেখেতসকলে প্ৰদৰ্শন কৰিলে আগন্তুক দিনত আমি চতুৰ্থ পৰ্যায়ৰ লকডাউন কাৰ্যসূচী সফল কৰি তুলিব পাৰিম। আজি অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা We Shall Over Come এটি গীতেৰে আমাৰ খেলুৱৈসকলে এই সময়ছোৱাতো তেখেতসকলৰ দৈনিক অনুশীলন সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিষ্ঠাৰে ইয়াক কৰি অহাৰ যিটো দৃশ্য তেখেতসকলে প্ৰদৰ্শন কৰিলে আৰু এই গীতৰ দ্বাৰা অসমৰ প্ৰতিগৰাকী ব্যক্তিক মনোবল যোগান ধৰাৰ বাবে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দৃঢ়তাৰে যুজঁ দিয়াৰ বাবে যি আহ্বান দিয়া হৈছে মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে সেই দৃঢ়তাৰে, সেই আত্ম বিশ্বাসেৰে আগন্তুক দিনত কৰ’না ভাইৰাছক নিঃশেষ কৰাৰ বাবে যুঁজ দি যাব আৰু অসমৰ ৰাইজে সকলো সময়ৰ বাবে সুস্থ সৱল হৈ থাকিব। সকলোৱে নিৰোগী হৈ থাকিব, স্বাস্থ্যৱান হৈ থাকিব আৰু অসমক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব।”

কৃতজ্ঞতা মূলক গীতটোৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত এম অংগমথু, বক্সাৰ শিৱ থাপা, সন্তৰনবিদ শিৱাংগী শৰ্মা আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments