Tuesday, October 4, 2022
HomeNewsৱেষ্ট ইণ্ডিজ শৃংখলালৈ ভাৰতৰ দল ঘোষণা, কোন কোন থাকিব দলত?

ৱেষ্ট ইণ্ডিজ শৃংখলালৈ ভাৰতৰ দল ঘোষণা, কোন কোন থাকিব দলত?

অলিম্পিয়া প্ৰতিবেদন

ৱেষ্ট ইণ্ডিজ শৃংখলালৈ ভাৰতীয় দল ঘোষণা । দলভুক্ত ৰবি বিষ্ণ‌ই কুলদ্বীপ যাদৱ। । আঘাতৰ বাবে দলত নাই অশ্বিন, জাডেজা, হাৰ্ডিক পাণ্ডিয়া

অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ২০ ফ্ৰেব্ৰুৱাৰীলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ভাৰতৰ সীমিত অভাৰৰ ক্ৰিকেট শৃংখলা । এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে বৃহস্পতিবাৰে ভাৰতীয় দলটো ঘোষণা কৰা হয়। ৰোহিত শৰ্মাৰ অধিনায়কত্বত দলভুক্ত হৈছে স্পীনাৰ ৰবি বিষ্ণ‌ই । আঘাতৰ পৰা সুস্হ হোৱাৰ পাছত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত দেখা যাব স্পীনাৰ কুলদ্বীপ যাদৱকো । আনহাতে, এই শৃংখলাটোত জিৰণি দিয়া হৈছে ভাৰতীয় দলৰ দুই দুৰ্দান্ত পেচ বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামিক । দ্বিতীয়খন এদিনীয়াৰ পাছৰে পৰা দলটোত অংশ ল’ব কে এল ৰাহুলে । সেইদৰে আঘাতগ্ৰস্ত ৰবীন্দ্ৰ জাডেদাক অন্তৰ্ভূক্ত কৰা নাই দলটোত । উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকা শৃংখলাত শোচনীয় প্ৰদৰ্শন আগবঢ়োৱা বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰ এদিনীয়া দলটোত নাথাকিলেও স্থান দিয়া হৈছে টি-২০ দলত । সামান্তৰালকৈ, বিগত দক্ষিণ আফ্ৰিকা শংখলাত আঘাতপ্ৰাপ্ত ৰবিচন্দ্ৰন অশ্বিন আৰু হাৰ্ডিক পাণ্ডিয়াক দলটোৰ পৰা ৰখা হৈছে বাহিৰত ।
উল্লেখযোগ্য যে, চেতন শৰ্মা নেতৃত্বাধীন এই নিৰ্বাচক কমিটিৰ বৈঠকখন বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত অনুষ্ঠিত হয় । ইয়াতে শাৰিৰিক সুস্হতাৰ পৰীক্ষাৰ পাছত ৰোহিত শৰ্মাই অংশ লৈছিল এই বৈঠকত ।
ৱেষ্ট ইণ্ডিজ শৃংখলালৈ বাছনি হোৱা খেলুৱৈসকল হল–ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (সহ অধিনায়ক), শিখৰ ধাৱান, ঝতুৰাজ গাইকোৱাড়, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, দীপক হুদা, ঋষভ পন্ত, দীপক চহৰ , শ্বাৰ্দুল ঠাকুৰ, য়ুবেন্দ্ৰ চহল, কুলদ্বীপ যাদৱ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণ‌ই, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আৰু আভেছ খান ।
আনহাতে ৰোহিত শৰ্মাৰ অধিনায়ত্বত টি-২০ৰ বাবে দলভুক্তি হৈছে – কে এল ৰাহুল (সহ অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, ঈশান কিষাণ, সূৰ্য কুমাৰ যাদৱ, ঋষভ পন্ত, ভেংকটেশ আয়াৰ, দীপক চহৰ, শ্বাৰ্দুল ঠাকুৰ, ৰবি বিষ্ণ‌ই, অক্ষৰ পেটেল, য়ুবেন্দ্ৰ চাহল, ৱাশ্বিংটন সুন্দৰ, হৰ্ষল পেটেল, আভেছ খান, মহম্মদ চিৰাজ আৰু ভূৱনেশ্বৰ কুমাৰ ।
ভাৰতীয় কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে ৱেষ্ট ইণ্ডিজ শৃংখলাত দলটোৱে উন্নত প্ৰৰ্দশনৰে বিপক্ষক কৰক প্ৰতিহত । ইয়াৰ বাবে অপেক্ষাৰত অগণন ক্ৰিকেট অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments