Monday, October 3, 2022
HomeNewsঅলিম্পিক দিৱস কি, আজিৰ দিনটোত কিয় এই দিৱস পালন কৰা হয়?

অলিম্পিক দিৱস কি, আজিৰ দিনটোত কিয় এই দিৱস পালন কৰা হয়?

অলিম্পিয়া বিশেষ লেখা

অলিম্পিক দিৱস কি?

আজিৰ দিনটো অৰ্থাৎ ২৩ জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় অলিম্পিক দিৱস। মূলতঃ অলিম্পিকৰ অন্তৰ্নিহিত চিন্তা তথা ভাৱনাক উদযাপন কৰাৰ বাবেই সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে অলিম্পিক দিৱস উদযাপন কৰা হৈছিল ১৯৪৮ চনৰ ২৩ জুনত। সেই সময়ত পৰ্টুগাল, গ্ৰীচ, অষ্ট্ৰিয়া, কানাডা, চুইজাৰলেণ্ড গ্ৰেট ব্ৰিটেইন, উৰুগুৱে, ভেনিজুৱেলা আদি দেশে নিজাববীয়াকৈ নিজ ৰাষ্ট্ৰত এই দিৱস উদযাপন কৰিছিল। সেই সময়ৰ ইন্টাৰনেচনেল অলিম্পিক কমিটিৰ অধ্যক্ষগৰাকীয়ে সমগ্ৰ বিশ্ববাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে এই দিৱস কেৱল খেলুৱৈসকলৰ বাবেই নহয়। বিশ্বৰ যুৱচামলৈ বাৰ্তা প্ৰেৰণ কৰি তেওঁ সকলোকে ক্ৰীড়াক জীৱনৰ এক অংশ হিচাবে আঁকোৱালি ল’বলৈ আহ্বান জনাইছিল।

অলিম্পিক দিৱস,২০২০

২০২০ ৰ অলিম্পিক দিৱসে এক বিশেষ তাৎপৰ্য বহন কৰিছে। এইবাৰ পৰিস্থিতি কিছু সুকীয়া। এইবাৰ সমগ্ৰ বিশ্ব কোভিড-১৯ ৰ গ্ৰাসত থকাৰ পৰিপ্ৰেক্ষিতত এই দিৱস আনবাৰৰ দৰে পালন কৰা হোৱা নাই। সম্পূৰ্ণ অনলাইন পদ্ধতিৰে এইবাৰ এই দিৱস উদযাপন কৰিব ইন্টাৰনেচলেন অলিম্পিক কমিটিয়ে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ এথলিটসকলে ঘৰৰ পৰাই শাৰীৰিক কচৰৎ তথা বিভিন্ন ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰিব। সেই ভিডিঅ’সমূহ অলিম্পিক চেনেলৰ জৰিয়তে প্ৰচাৰ কৰা হ’ব। ইউ এছ এ’ৰ তাৰকা জিমনাষ্ট লৰী হাৰনেন্দাজ,পাঁচবাৰকৈ অলিম্পিক বাইথ্লনৰ খিতাপ বিজয়ী ফ্ৰান্সৰ মাৰ্টিন ফৌৰ্কেড, ভাৰতৰ যুৱ মল্লযুঁজাৰু বিনেশ ফ’গাট আদিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ছ’চিয়েল মিডিয়াত এই কাৰ্যসূচী প্ৰচাৰ কৰিবলৈ হেছ টেগ হিচাবে ব্যৱহাৰ কৰা হ’ব Stay Healthy, Stay Strong, Stay Active শীৰ্ষক বাক্যাংশ। ভিন ভিন দেশৰ অলিম্পিক সংস্থাসমূহে এই দিৱসটো বিভিন্ন ধৰণে উদযাপন কৰাৰ প্ৰয়াস কৰিছে। ভাৰতীয় অলিম্পিক সন্থায়ো ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন অনলাইন প্ৰতিযোগিতা আয়োজন কৰি এই দিৱস উদযাপন কৰিছে।

https://twitter.com/olympicchannel/status/1274285431602008064?s=19

অলিম্পিক দিৱসৰ ইতিহাস

১৯৪৭ চনত চেক গণৰাজ্যৰ এগৰাকী আই অ’ চি’ৰ সদস্যই সন্থাৰ সমুখত এটা প্ৰস্তাৱ দাঙি ধৰিছিল। ডঃ জোচেফ গ্ৰোছ নামৰ সদস্যগৰাকীয়ে প্ৰস্তাৱ আগবঢ়াইছিল যে অলিম্পিকৰ আদর্শ মূৰ্তমান কৰি তুলি প্ৰতিবছৰে অলিম্পিক দিৱস আয়োজন কৰাৰ। তেওঁৰ প্ৰস্তাৱক বিবেচনা কৰিয়ে ৪২ সংখ্যক আই অ’ চিৰ অধিৱেশনত ২৩ জুন তাৰিখটোতে প্ৰতিবছৰে অলিম্পিক দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২৩ জুন দিনটো বাছি লোৱা হয় কাৰণ এই দিনটোতেই ১৮৯৪ চনততেই পেৰিছত ইন্টাৰনেচনেল অলিম্পিক কমিটি গঠিত হৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments