Friday, September 30, 2022
HomeNewsভাই চাহাব থোড়া সম্ভালকে : কিয় আৰু কাক কৈছিল শচীনে

ভাই চাহাব থোড়া সম্ভালকে : কিয় আৰু কাক কৈছিল শচীনে

olympiasports.in

মহম্মদ কাঈফক কোনে চিনি নাপায়? এইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বহুকেইখন মেচৰ হিৰ’ ৰূপে বহুবাৰ পৰিগণিত হৈছে। ফিল্ডিঙৰ ক্ষেত্ৰতো কাঈফ আছিল অন্যান্য। এইগৰাকী মহম্মদ কাঈফৰ প্ৰসংগত শচীন তেণ্ডুলকাৰে কৈছে এক আমোদজনক ঘটনা।

সেয়া আছিল ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ সময়ৰ এখন মেচৰ ঘটনা। মেচত ইণ্ডিয়ান লিজেণ্ডছ দলৰ সদস্য আছিল মহম্মদ কাঈফ। মেচখনক লৈ কাঈফ অত্যন্ত ছিৰিয়াছ হৈ পৰিছিল। খেল পথাৰত কাঈফে নিজৰ সৰ্বোচ্চ উজাৰি দিছিল। যাৰ বাবে শচীন তেণ্ডুলকাৰকে প্ৰমুখ্য কৰি আন ভাৰতৰ লিজেণ্ডছ সকলে কাঈফক মনত পেলাই দিছিল যে সেইখন তেওঁলোকৰ প্ৰথমখন মেচহে। সেই মেচখনৰ উপৰিও আৰু বহু কেইখন মেচ খেলিব লাগিব।

শচীনে কৈছে।’আমি কাঈফক সতৰ্ক হবলৈ ক’বলগীয়া হৈছিল‌। আমি তেওঁৰ নাম ‘ভাই চাহাব, ভাই চাহাব থোড়া সম্ভালকে’ ৰাখিছিলোঁ। টুৰ্ণামেণ্টৰ সেইখন প্ৰথম মেচ আছিল আৰু আমি বহুকেইখন মেচ খেলিবলৈ বাকী আছে।’

এক ইউটিউব চেনেলত দিয়া সাক্ষাৎকাৰটোত লগতে কয় যে কাঈফক তেওঁ বুজাবলগীয়া হৈছিল। কাঈফক কৈছিল ‘কি হ’ব যদি তুমি আঘাত পোৱা ।’ লগতে সাক্ষাৎকাৰটোত কাঈফৰ প্ৰসংগত কয় যে ‘তেওঁৰ বাবে ফিল্ডিঙত ড্ৰাইভ লগোৱা স্বাভাৱিক কথা আছিল। বাস্তৱত তেওঁ বহুত ফিট আছিল। তেওঁ ভাৰতীয় দলৰ এগৰাকী ভাল ফিল্ডাৰ আছিল।’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments