Friday, September 30, 2022
HomeNewsযেতিয়া শচীন টেণ্ডুলকাৰে গঢ়িব নোৱাৰা অভিলেখৰ গৰাকী হৈছিল অজিত আগাৰকাৰ!

যেতিয়া শচীন টেণ্ডুলকাৰে গঢ়িব নোৱাৰা অভিলেখৰ গৰাকী হৈছিল অজিত আগাৰকাৰ!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

✍️ পূৰ্ণানন্দ নেওগ

ক্ৰিকেটৰ ভগৱান শচীন। ক্ৰিকেট ইতিহাসৰ অলেখ অভিলেখৰ গৰাকী এইগৰাকী মাষ্টাৰ ব্লাষ্টাৰ। ২৪ বছৰীয়া বৰ্ণিল কেৰিয়াৰত ইটোৰ পিছত সিটো অভিলেখ গঢ়ি অনুৰাগীৰ নয়নৰ মণি হৈ পৰিছিল শচীন টেণ্ডুলকাৰ। শতকৰো শতক কৰা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ তেওঁ। খেলপথাৰৰ প্ৰায় সকলো হেঁপাহেই হয়তো পূৰ্ণ হৈছে ক্ৰিকেটাৰ গৰাকীৰ। অৱশ্যে এটা হেঁপাহ থাকি গ’ল তেওঁৰ, যিটো নেকি সম্পূৰ্ণ ন’হল। অভিলেখৰ এটা পৃষ্ঠা উকা হৈ ৰ’ল তেওঁৰ। সেই কথা ইতিমধ্যে তেওঁ নিজেও বহুবাৰ কৈছে। সেই হেঁপাহ পূৰণ নোহোৱাৰ ব্যথা বুকুত কঢ়িয়াই ফুৰিছে আজিও।

শচীনৰ অনুৰাগীসকলে নিশ্চয় জানে যে লৰ্ডছ তেওঁৰ প্রিয় ষ্টেডিয়াম। সেই লৰ্ডছতে শতকৰ সম্ৰাটজনে এটাও শতক অর্জন কৰিব নোৱাৰিলে।
উল্লেখ্য যে, ২০০ খনকৈ টেষ্ট খেলা টেণ্ডুলকাৰৰ টেষ্ট শতকৰ সংখ্যা আছিল ৫১ টা। এই ৫১ টা শতকৰ এটাও তেওঁৰ প্রিয় ষ্টেডিয়ামখনত কৰিবলৈ নোৱাৰিলে। লৰ্ডছত খেলিছিল তেওঁ ৯ টা টেষ্ট ইনিংছ। আচৰিতভাৱে লৰ্ডছত শচীনে আনকি এটা অৰ্ধ শতকো কৰিবলৈ পৰা নাছিল। সেইখন খেলপথাৰত তেওঁৰ সৰ্বোচ্চ ৰান হৈছে ৩৭। ৯ টা টেষ্ট ইনিংছত ২৬.৬৭ গড়ে লিটল মাষ্টাৰে সংগ্ৰহ কৰিছে কেৱল ১৯৫ ৰান। এটা সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে কিদৰে লৰ্ডছত এটাও শতক অর্জন কৰিব নোৱাৰা কথাটো তেওঁৰ জীৱনৰ এটি ডাঙৰ আক্ষেপ।

ক্ৰিকেটৰ মহানতম ক্ৰিকেটাৰগৰাকীয়ে ক্ৰিকেটৰ উপাসনাস্থলী লৰ্ডছত শতক অর্জন কৰিব নোৱাৰিলেও কিন্তু ভাৰতৰ এইগৰাকী বলাৰে সেই কৃতিত্ব অর্জন কৰি থৈছে। লৰ্ডছত শতক অর্জন কৰি টেষ্ট ইতিহাসত সোণালী আখৰে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে তেওঁ।তেওঁ হ’ল ভাৰতীয় মিডিয়াম পেচাৰ অজিত আগাৰকাৰ। তেওঁ কেৰিয়াৰত কেৱল এটা শতকেই অর্জন কৰিছে। সেই শতক তেওঁ ক্ৰিকেটৰ উপাসনাস্থলী লৰ্ডছত কৰিবলৈ সক্ষম হৈছিল। ২০০২ চনত ইংলেণ্ডৰ বিপক্ষে ঐতিহাসিক লৰ্ডছ টেষ্টত এই কৃতিত্ব অর্জন কৰিছিল আগাৰকাৰে। সেই টেষ্টত তেওঁ ৮ নং ক্ৰমত বেটিং কৰিবলৈ আহিছিল। ১৬ টা বউণ্ডেৰীৰে কৰা অজিত আগাৰকাৰৰ ১০৯ ইনিংছটোৱেও অৱশ্যে সিদিনা ভাৰতক পৰাজয়ৰ মুখৰ পৰা বচাব পৰা নাছিল। ভাৰতীয় দলটো ১৭০ ৰানত পৰাস্ত হৈছিল।

ঐতিহাসিক লৰ্ডছত ভাৰতীয় ক্ৰিকেটাৰৰ নামত আছে কেৱল ৯ টা শতকহে। তাৰ ভিতৰত সৰ্বাধিক তিনিটাকৈ শতক আহিছিল দিলীপ ভেংছৰকাৰৰ বেটৰ পৰা। লৰ্ডছৰ মাটিত সৰ্বোচ্চ ১৮৪ ৰানএ ইনিংছটো আছে বিন’ মানকাড়ৰ নামত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments