Wednesday, October 5, 2022
HomeNewsধোনীৰ যিদিনা খং উঠিছিল.... স্মৃতি ৰোমন্থন কুলদ্বীপ যাদৱৰ

ধোনীৰ যিদিনা খং উঠিছিল…. স্মৃতি ৰোমন্থন কুলদ্বীপ যাদৱৰ

olympiasports.in

ভাৰতীয় দলৰ লেগ স্পীনাৰ কুলদ্বীপ যাদৱে সিদিনা ভয় খাইছিল। ভয় খাবৰে কথা। কিয়নো ‘কেপ্তেইন কুল’ নামে খ্যাত মহেন্দ্ৰ সিং ধোনিৰ সিদিনা খং উঠিছিল। খং উঠিছিল কুলদ্বীপৰ ওপৰত। আনকি খঙতে কুলদ্বীপক গালিও পাৰিছিল ধোনিয়ে সিদিনা। সেয়া আছিল ২০১৭ চনৰ কথা। শ্ৰীলংকাৰ বিপক্ষে ভাৰতৰ এদিনীয়া মেচ এখনৰ কথা। কুলদ্বীপে সেই সময়ত বল কৰি আছিল। সন্মুখত আছিল শ্ৰীলংকাৰ কুশল পেৰেৰা। বলিং কৰোঁতে ধোনিৰ কথা নমনাৰ বাবেই ধোনিৰ খং উঠিছিল।

“কুশলে সেই বলটোত কভাৰৰ ওপৰেদি এটা বাউণ্ডেৰী মাৰিছিল। ধোনি ভায়ে মোক তেতিয়া ফিল্ডিং সলনি কৰিবলৈ পৰামৰ্শ দিছিল। মই তেওঁৰ কথা নুশুনি ফিল্ডিং সলনি নকৰাকৈয়ে পুনৰ বল কৰিছিলোঁ। কুশলে পুনৰ সেই বলত বাউণ্ডেৰী কোবাইছিল।” কুলদ্বীপে ক্ৰীড়া সাংবাদিক যতীন চপ্ৰ’ৰ সৈতে হোৱা এটা ইনষ্টাগ্ৰামৰ সাক্ষাৎকাৰত সেই ঘটনাৰ ৰোমন্থন কৰে এইদৰে।

তাৰ পিছত যি হ’ল, সেই কথা কল্পনাৰো অগোচৰ আছিল কুলদ্বীপৰ বাবে। খঙাল ধোনি কুলদ্বীপৰ কাষলৈ আহিছিল আৰু কৈছিল,” মই পাগল? ৩০০ খন এদিনীয়া খেলিছোঁ। আৰু তোক বুজাই আছোঁ আৰু তই মোৰ কথা শুনা নাই।”

উত্তৰ প্ৰদেশৰ স্পীনাৰজনে ইমানেই ভয় খাইছিল যে পিছত টিমৰ বাছত আহি ধোনিক ক্ষমা খুজিছিল আৰু সুধিছিল ‘জীৱনত আপোনাৰ কেতিয়াবা ইমান খং উঠিছিল নে!’

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments