Wednesday, July 6, 2022
HomeNewsযেতিয়া ডু-প্লেচিছ আৰু পত্নীক দিয়া হৈছিল হত্যাৰ ভাবুকি!!

যেতিয়া ডু-প্লেচিছ আৰু পত্নীক দিয়া হৈছিল হত্যাৰ ভাবুকি!!

অলিম্পিয়া প্রতিবেদন

দক্ষিণ আফ্ৰিকাৰ তাৰকা ক্ৰিকেটাৰ ফাফ ডু-প্লেচিছে এটা সময়ত লাভ কৰিছিল হত্যাৰ ভাবুকি। সেয়া আছিল ২০১১ চনৰ বিশ্বকাপ ক্ৰিকেটৰ সময়ৰ কথা। সেইবাৰ দক্ষিণ আফ্ৰিকা দলটোয়ে কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বিদায় মাগিছিল। কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰে মুখামুখি হৈছিল। নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাৰ সমুখত ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। গ্ৰেম স্মিথ নেতৃত্বাধীন দলটোৱে কিন্তু কেৱল ১৭২ ৰানতে থমকি ৰৈছিল।

ঢাকাৰ শ্বেৰ ই বাংলা ষ্টেডিয়ামত অনুষ্ঠিত নক-আউট মেচখনত ডু প্লেচিছ যেতিয়া বেটিং কৰিবলৈ আহিছিল, তেতিয়া দলীয় স্ক’ৰ আছিল ২৭.৪ অভাৰত ৪ টা উইকেটৰ বিনিময়ত ১২১ ৰান। ডু প্লেচিছে আহিয়েই ভাঙি পৰা দক্ষিণ আফ্ৰিকা ইনিংছটোলৈ কিছু সুস্থিৰতা নমাই আনিছিল। কিন্তু ব্যক্তিগত ৩৬ ৰানত পেভিলিয়নমুখী হ’বলগীয়া হয় দক্ষিণ আফ্ৰিকাৰ খেলুৱৈগৰাকী।

দলটোৰ আনজন নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছ ব্যক্তিগত ৩৫ ৰানত দুৰ্ভাগ্যবশত ৰান আউট হয়। স্বাভাৱিকভাৱেই ব্যৰ্থ হয় দলটোৰ নিম্নক্ৰমৰ বেটছমেনসকলো। ফলত আকৌ এবাৰ গুৰুত্বপূৰ্ণ নক আউট পৰ্যায়ৰ মেচত বাহিৰ হ’বলগীয়া হয় দক্ষিণ আফ্ৰিকা দলটো। দলটোৰ এই পৰাজয়ৰ পিছতেই অসন্তুষ্ট সমৰ্থকৰ পৰা হত্যাৰ ভাবুকি পৰ্যন্ত লাভ কৰিছিল ফাফ ডু প্লেচিছে। কেৱল ডু প্লেচিছেই নহয়, তেওঁৰ পত্নীকো হত্যাৰ ভাবুকি দিছিল একাংশ সমৰ্থকে। ইণ্টাৰনেটত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল ডু প্লেচিছসহ দক্ষিণ আফ্ৰিকাৰ আন আন সদস্যসকল।

ই এছ পি এন ক্ৰিক ইনফ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আগত এই ঘটনাৰ ৰোমন্থন কৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ফাফ ডু প্লেচিছে। ডু প্লেচিছে লগতে কয় যে সেই ঘটনাৰ পিছৰ পৰা তেওঁলোকৰ মানুহৰ সৈতে সম্পৰ্ক লাহে লাহে কমি আহিল। মানুহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সংকুচিত কৰি পেলাইছিল উক্ত ঘটনাই। দক্ষিণ আফ্ৰিকাৰ দলটোক কম বেছি পৰিমাণে উক্ত ঘটনাই প্ৰভাৱিত কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments