Sunday, October 2, 2022
HomeNews'মই তোমাৰ কেৰিয়াৰ ধ্বংস কৰি দিম', যেতিয়া শচীন টেণ্ডুলকাৰে সৌৰভ গাংগুলীক ভাবুকি...

‘মই তোমাৰ কেৰিয়াৰ ধ্বংস কৰি দিম’, যেতিয়া শচীন টেণ্ডুলকাৰে সৌৰভ গাংগুলীক ভাবুকি দিছিল ঘৰলৈ উভতাই পঠিওৱাৰ

অলিম্পিয়া বাৰ্তা

ভদ্ৰ লোকৰ খেল ক্ৰিকেট। এই ভদ্ৰ লোকৰ খেলৰ এগৰাকী স্বভাৱজাত ভদ্ৰ খেলুৱৈ আছিল ভাৰতীয় কিম্বদন্তী ক্ৰিকেটাৰ লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰ। নিজৰ অমায়িক স্বভাৱৰ বাবে জনাজাত শচীন টেণ্ডুলকাৰৰ এবাৰ অৱশ্যে ধৈৰ্য্যৰ বান্ধ খোল খাইছিল। সতীৰ্থ খেলুৱৈক কটু কথাও শুনাইছিল। বহুতেই সেই কথা নাজানে।

সেই সময়ত শচীন টেণ্ডুলকাৰৰ হাতত আছিল অধিনায়কৰ দায়িত্ব। এইটো সৰ্বজনবিদিত যে এজন সফল বেটছমেন হলেও টেণ্ডুলকাৰ অধিনায়ক হিচাবে সফল হ’ব পৰা নাছিল। তেওঁৰ নেতৃত্বত দলে ভাল ফল দেখুৱাব পৰা নাছিল। তেওঁৰ নেতৃত্বত ভাৰতীয় দলটো জয়ী হৈছিল কেৱল ২৭ খন মেচত। তাৰ বিপৰীতে পৰাজয় বৰণ কৰিছিল ৫২ খনকৈ মেচত।

শচীন টেণ্ডুলকাৰৰ মতে এই পৰাজয়ৰ মাজতো আটাইতকৈ শোচনীয় পৰাজয় আহিছিল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে হোৱা টেষ্ট শৃংখলাটোৰ জৰিয়তে। ১৯৯৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাৰ্বাড’ছ টেষ্টত ভাৰতীয় দলটোৱে ১২০ ৰানৰ লক্ষ্য আগত লৈ ৮২ ৰানতে ইনিংছ সামৰিছিল।

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে সেই শোচনীয় পৰাজয়ৰ পিছত শচীনে প্ৰচণ্ড ক্ৰোধত সতীৰ্থসকলক কথা শুনাইছিল। সেই সময়ত সৌৰভ গাংগুলী আছিল দলত নতুন। দলত যোগ দিয়া বেছি দিন হোৱাই নাছিল দাদাৰ। ক্ৰীড়া সাংবাদিক বিক্ৰান্ত গুপ্তাৰ মতে শচীনৰ খং দেখা পাই অধিনায়কক সান্তনা দিবলৈ সৌৰভ গাংগুলী গৈ ওলাইছিলগৈ তেওঁৰ কোঠা। শচীন সেই সময়ত কথা পতাৰ মুদত অলপো নাছিল। সেয়ে পিছদিনা একেলগে দৌৰাৰ প্ৰস্তাৱ দি গাংগুলীক উভতাই পঠাইছিল। কিন্তু পিছদিনা গাংগুলী শচীনৰ ওচৰলৈ যোৱা নাছিল।

এজন নৱাগতই এনেদৰে জাতীয় দলৰ অধিনায়কৰ কথা পেলোৱা কথাটো সহ্য কৰিব পৰা নাছিল টেণ্ডুলকাৰে। খঙত অগ্নিশর্মা হৈ পিছত টেণ্ডুলকাৰে সৌৰভ গাংগুলীক ঘৰলৈ উভতাই পঠিওৱাৰ হুমকি দিছিল। তেওঁ কৈছিল তোমাৰ কেৰিয়াৰ শেষ কৰি দিম। শচীন টেণ্ডুলকাৰ সম্পৰ্কীয় এই উল্লেখনীয় কথাখিনি ‘স্পৰ্টছ টক’ নামৰ ইউটিউব চেনেলটোৰ আগত ব্যক্ত কৰিছে ক্ৰীড়া সাংবাদিক বিক্ৰান্ত গুপ্তাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments